ISHAN NEWS – Always One Step Ahead of Time…

বেছি দিনলৈ নাথাকে NDA চৰকাৰ : মোদীৰ শপত গ্ৰহণৰ পূৰ্বে মমতা বেনাৰ্জীৰ ভবিষ্যদ্বাণী

0 271

৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে। শপত গ্ৰহণৰ প্ৰস্তুতি চলি থকাৰ পূৰ্বে ডাঙৰ মন্তব্য কৰিছে তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীয়ে। মোদীৰ নেতৃত্বত হ’বলগীয়া এই চৰকাৰখন বেছি দিনলৈ নাথাকে বুলি ভৱিষ্যদ্বাণী কৰিছে তৃণমূল নেত্ৰীগৰাকীয়ে।

মমতা বেনাৰ্জীয়ে দাবী কৰি কয়, ‘কিছুদিনৰ পিছত বহু বিজেপি নেতাই দল এৰিব পাৰে। বহু বিজেপি নেতা সুখী নহয়। এই চৰকাৰ বেছি দিন নাথাকিব।‘

তৃণমূল কংগ্ৰেছে নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব নে নাই সেই সন্দৰ্ভত প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে তেওঁ কোনো নিমন্ত্ৰণ পোৱা নাই আৰু শপত গ্ৰহণ অনুষ্ঠানতো উপস্থিত নাথাকিব। শপতগ্ৰহণ অনুষ্ঠানত তৃণমূল কংগ্ৰেছে উপস্থিত নাথাকিব বুলি মন্তব্য কৰে টিএমচিৰ মুৰব্বীগৰাকীয়ে।

তেওঁ আৰু কয় যে দেশত পৰিৱৰ্তনৰ প্ৰয়োজন, আমি ৰাজনৈতিক পৰিস্থিতিৰ ওপৰত দৃষ্টি ৰাখিছো। জনতাই যি ৰায় দিছে, তাৰ পিছত আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱা উচিত নহয়।

মমতা বেনাৰ্জীয়ে লগতে কয় যে আজি ইণ্ডিয়া এলায়েন্সে চৰকাৰ গঠন কৰাৰ দাবী কৰা নাই, ইয়াৰ অৰ্থ এইটো নহয় যে আমি ভৱিষ্যতে তেনে নকৰো।

Leave A Reply

Your email address will not be published.