ISHAN NEWS – Always One Step Ahead of Time…

৩৬ বছৰ বয়স, তিনিবাৰৰ সাংসদ… মোদী মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ মন্ত্ৰী ৰাম মোহন নাইডু!

0 188

আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মোদীৰ লগতে তেওঁৰ মন্ত্ৰীসভাত কোন সাংসদে মন্ত্ৰীৰূপে শপত ল’ব তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা।

বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দলসমূহৰ কেইবাগৰাকীও সাংসদৰ নাম উচ্ছাৰিত হৈছে যদিও এই মুহূৰ্তত দেশবাসীৰ দৃষ্টি কাঢ়িছে এজন যুৱ সাংসদে।

মোদী কেবিনেটৰ সম্ভাব্য মন্ত্ৰীৰ ভিতৰত এতিয়া সৰ্বাধিক চৰ্চিত হৈছে তেলেগু দেশম পাৰ্টী (টিডিপি)ৰ সাংসদ ৰাম মোহন নাইডুৰ নাম। মোদী কেবিনেট ৩.০ত টিডিপিৰ ফালৰ পৰা দুজন সাংসদে মন্ত্ৰিত্ব পোৱাটো প্ৰায় নিশ্চিত হৈছে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ৰাম মোহন নাইডু আৰু চন্দ্ৰশেখৰ পেম্মাছানী টিডিপিৰ পৰা মোদী মন্ত্ৰীসভাৰ অংশ হ’ব। বিজেপিৰ পিছতে ১৬খন আসন লাভ কৰা এন ডি এৰ সৰ্ববৃহৎ দলটো হৈছে টিডিপি। এনে পৰিস্থিতিত টিডিপিয়ে হয়তো ডাঙৰ বিভাগ লাভ কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে, যিটো ৰাম মোহন নাইডুৱে পোৱাৰ সম্ভাৱনা অধিক।

মাত্ৰ ৩৬ বছৰীয়া ৰাম মোহন নাইডুৰ এক বিশেষ স্থান আছে টিডিপি দলত। তেওঁ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকুলাম আসনৰ পৰা তৃতীয় বাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে। ৰাম মোহন নাইডুৱে যদি মোদী কেবিনেট ৩.০ত স্থান পায় তেন্তে তেওঁ হ’ব ইতিহাসৰ সৰ্বকনিষ্ঠ কেবিনেট মন্ত্ৰী।

উল্লেখ্য যে ৰাম মোহন নাইডুক চন্দ্ৰবাবু নাইডুৰ অতি ঘনিষ্ঠ আৰু বিশেষ বুলি গণ্য কৰা হয়। তেওঁৰ পিতৃ য়েৰান নাইডুও টিডিপিৰ অন্যতম শীৰ্ষ নেতা আছিল। পথ দুৰ্ঘটনাত পিতৃৰ মৃত্যুৰ পিছত ৰাজনীতিত প্ৰৱেশ কৰে ৰাম মোহন নাইডুৱে।

পিতৃৰ অকাল মৃত্যু নহ’লে হয়তো ৰাম মোহন নাইডুৱে কেতিয়াও ৰাজনীতিত প্ৰৱেশ নকৰিলেহেঁতেন। আচলতে দিল্লীত প্ৰাৰম্ভিক পঢ়া-শুনা সমাপ্ত কৰি তেওঁ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গৈছিল। ইয়াত তেওঁ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ শিক্ষা গ্ৰহণ কৰে। তাৰ পিছত এম বি এ কৰিছিল আৰু তাৰ পিছত ছিংগাপুৰলৈ গৈছিল।

ইয়াত তেওঁ নিজৰ কেৰিয়াৰ গঢ়াত ব্যস্ত হোৱাৰ সময়তে মৃত্যু হয় পিতৃৰ। পিতৃৰ মৃত্যুৰ সময়ত ৰাম মোহন নাইডুৰ বয়স আছিল মাত্ৰ ২৪ বছৰ। ইয়াৰ পিছতে পিতৃৰ পদাংক অনুসৰণ কৰি ৰামমোহন নাইডুৱে ২০১৪ চনত ৰাজনীতিত প্ৰৱেশ কৰি ২৬ বছৰ বয়সত প্ৰথমবাৰৰ বাবে শ্ৰীকাকুলামৰ পৰা সাংসদ নিৰ্বাচিত হয়।

ইয়াৰ পিছৰে পৰা তেওঁ আৰু কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই।

উল্লেখ্য যে, চন্দ্ৰবাবু নাইডুক গ্ৰেপ্তাৰ কৰাৰ সময়ত দলৰ হৈ নিষ্ঠাসহকাৰে খাম কৰা ৰাম মোহনে বিগত প্ৰায় ৯ বছৰ দিল্লীৰ ৰাজনীতিত সক্ৰিয় হৈ আছে। চন্দ্ৰবাবু যেতিয়াই দিল্লীলৈ আহে তেতিয়াই ৰাম মোহন নাইডুক তেওঁৰ লগত দেখা যায়।

ৰাম মোহন নাইডুক ২০২০ চনত সংসদ ৰত্ন বঁটাৰে সন্মানিত কৰা হৈছে। সংসদৰ কেইবাখনো কমিটীৰ সদস্য হিচাপেও তেওঁ কাম কৰিছিল।

Leave A Reply

Your email address will not be published.