নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে বিজেপিৰ সহযোগী দলসমূহৰ সাংসদসকলক মন্ত্ৰী পদ দিয়াৰ বাবে যোগাযোগ আৰম্ভ কৰিছে। টিডিপি, এলজেপি (আৰ) আৰু জেডিইউৰ দৰে দলৰ সাংসদলৈ মন্ত্ৰী পদৰ বাবে ফোন আহিছে বুলি জানিব পৰা গৈছে।
টিডিপিৰ সাংসদ ড০ চন্দ্ৰশেখৰ পেম্মাছানী আৰু কিঞ্জৰাপু ৰাম মোহন নাইডু মন্ত্ৰীৰূপে শপত লোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ উপৰি জেডিইউৰ ৰাজ্যসভাৰ সাংসদ ৰামনাথ ঠাকুৰেও লাভ কৰিব মন্ত্ৰিত্ব।
দৰাচলতে নতুন চৰকাৰত এন ডি এৰ বিভিন্ন সহযোগী দলসমূহৰ সাংসদক মন্ত্ৰী পৰিষদত অন্তৰ্ভুক্ত কৰাৰ বাবে বিজেপি আৰু মিত্ৰশক্তিৰ মাজত আলোচনা হৈছে।
অমিত শ্বাহ আৰু ৰাজনাথ সিঙৰ উপৰি বিজেপিৰ সভাপতি জে পি নাড্ডাই টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডু, জেডিইউৰ মুৰব্বী নীতিশ কুমাৰ আৰু শিৱসেনাৰ একনাথ সিণ্ডেৰ দৰে নেতাৰ সৈতে মন্ত্ৰী পৰিষদ সন্দৰ্ভত আলোচনাত মিলিত হৈছিল।
আলোচনাৰ পিছতে নামবোৰ চূড়ান্ত কৰা হৈছে। মন্ত্ৰী পৰিষদৰ বাবে চৰ্চাত অহা এই নেতাসকলেও আজি শপত লোৱাৰ সম্ভাৱনা আছে।
এই পৰ্যন্ত কোন কোন নেতালৈ আহিছে ফোন?
ড° চন্দ্ৰশেখৰ পেম্মাছানী (টিডিপি)
কিঞ্জৰাপু ৰাম মোহন নাইডু (টিডিপি)
অৰ্জুন ৰাম মেঘৱাল (বিজেপি)
সৰ্বানন্দ সোণোৱাল (বিজেপি)
অমিত শ্বাহ (বিজেপি)
কমলজিৎ ছেহৰাৱত (বিজেপি)
মনোহৰ লাল খট্টৰ (বিজেপি)
নীতিন গাডকাৰী (বিজেপি)
ৰাজনাথ সিং (বিজেপি)
পীয়ুষ গোৱেল (বিজেপি)
জ্যোতিৰাদিত্য সিন্ধিয়া (বিজেপি)
শান্তনু ঠাকুৰ (বিজেপি)
ৰক্ষা খাদছে (বিজেপি)
ৰাও ইন্দৰজিৎ সিং (বিজেপি)
সুৰেশ গোপী (বিজেপি)
মনসুখ মাণ্ডবিয়া (বিজেপি)
ড° জিতেন্দ্ৰ সিং (বিজেপি)
জুৱেল ওৰাম (বিজেপি)
গিৰিৰাজ সিং (বিজেপি)
হৰদীপ সিং পুৰী (বিজেপি)
জি কিষাণ ৰেড্ডী (বিজেপি)
বণ্ডি সঞ্জয় কিশোৰ (বিজেপি)
ভগীৰথ চৌধুৰী (বিজেপি)
চি আৰ পাটিল (বিজেপি)
প্ৰতাপৰাও জাধৱ (শিৱসেনা সিণ্ডে গোট)
এইচ ডি কুমাৰস্বামী (জে ডি এছ)
চিৰাগ পাছৱান (এলজেপি-আৰ)
জয়ন্ত চৌধুৰী (আৰ এল ডি)
অনুপ্ৰিয়া পেটেল (আপনা দল)
জিতন ৰাম মাঝি (হাম)
ৰামদাস আঠাৱালে (আৰ পি আই)
আজি কিছু সময় পিছতেই শপত ল’বলগীয়া মন্ত্ৰীসকলক সাক্ষাৎ কৰিব নৰেন্দ্ৰ মোদীয়ে। জানিব পৰা অনুসৰি এই বৈঠকত প্ৰতিগৰাকী সাংসদক কোন মন্ত্ৰালয়ৰ দায়িত্ব দিয়া হ’ব সেই কথা জনোৱা হ’ব।