ISHAN NEWS – Always One Step Ahead of Time…

প্ৰ’টেম অধ্যক্ষক লৈ চলা বিতৰ্কৰ মাজতেই তৃণমূলৰ সাংসদক সাক্ষাৎ কিৰেন ৰিজিজুৰ

0 143

প্ৰ’টেম অধ্যক্ষক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ক সাক্ষাৎ কৰিছে।

প্ৰটেম অধ্যক্ষক সহায় কৰিবলৈ পাঁচজন সাংসদৰ পেনেল গঠন কৰা হৈছে। এই পেনেলত বিৰোধী তিনিজন সাংসদ ক্ৰমে কংগ্ৰেছৰ কে সুৰেশ, ডি এম কেৰ পৰা টি আৰ বালু আৰু তৃণমূলৰ পৰা সুদীপ বন্দোপাধ্যায়ৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু এই তিনিওটা দলে সিদ্ধান্ত লৈছে যে তেওঁলোকে পেনেলত নাথাকে।

এনে পৰিস্থিতিত চৰকাৰে বিৰোধী তিনিওজন সাংসদক পতিয়ন নিয়াবলৈ চেষ্টা আৰম্ভ কৰিছে। কিৰেন ৰিজিজুৱে এই সন্দৰ্ভত সুদীপ বন্দোপাধ্যায়ক সাক্ষাৎ কৰিছে যদিও বন্দোপাধ্যায়ে নিজৰ দলীয় স্থিতিত অটল আছে।

উল্লেখ্য যে, চৰকাৰে ওড়িশাৰ পৰা বিজেপিৰ টিকটত জয়ী হোৱা সাংসদ ভাৰ্ত্ৰুহৰি মাহতাবক প্ৰটেম অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰিছে। ইয়াৰ লগে লগে কংগ্ৰেছকে ধৰি আন আন বিৰোধী দলসমূহে চৰকাৰৰ এই সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা আৰম্ভ কৰে।

কংগ্ৰেছ দলে আশা কৰিছিল যে তেওঁলোকৰ দলৰ সাংসদ কে সুৰেশক এই দায়িত্ব দিয়া হ’ব। কে সুৰেশ অষ্টমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হৈছে।

ইফালে চৰকাৰৰ মতে, এই সিদ্ধান্ত সাংবিধানিক নীতি-নিয়ম আৰু পৰম্পৰা অনুসৰি লোৱা হৈছে। সৰ্বাধিক দীৰ্ঘদিনীয়া সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰা সাংসদ ভাৰ্ত্ৰুহৰি মাহতাব। তেওঁ একেৰাহে সপ্তমবাৰৰ বাবে সাংসদ নিৰ্বাচিত হৈছে। ইয়াৰ বিপৰীতে ১৯৯৮ আৰু ২০০৪ চনত কে সুৰেশ সাংসদ হোৱা নাছিল।

উল্লেখ্য যে, ২৪ জুনৰ পৰা আৰম্ভ হ’ব লোকসভাৰ বিশেষ অধিৱেশন। এই অধিৱেশনৰ সময়তে লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব। অধ্যক্ষ নিৰ্বাচিত নোহোৱালৈকে সদনৰ কাম-কাজ প্ৰ’টেম অধ্যক্ষই পৰিচালিত কৰিব।

Leave A Reply

Your email address will not be published.