ISHAN NEWS – Always One Step Ahead of Time…

সলনি হ’ব কেৰালাৰ নাম! বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত

0 183

সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম ‘কেৰালাম’লৈ সলনি কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায়। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ নাম সলনি কৰিবলৈ বিধানসভাই এই প্ৰস্তাৱ গৃহীত কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে এই প্ৰস্তাৱ পুনৰীক্ষণ কৰি কিছু কাৰিকৰী সাসলনিৰ পৰামৰ্শ আগবঢ়োৱাৰ পিছত সোমবাৰে দ্বিতীয়বাৰৰ বাবে এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

মুখ্যমন্ত্ৰী পিনাৰায়ী বিজয়নে এই প্ৰস্তাৱ দাখিল কৰে। দেশৰ সংবিধানৰ অষ্টম অনুসূচীত অন্তৰ্ভুক্ত সকলো ভাষাতে দক্ষিণৰ ৰাজ্যখনৰ নাম কেৰালাৰ পৰা ‘কেৰালাম’লৈ সলনি কৰিবলৈ কেন্দ্ৰক দাবী জনায়।

প্ৰস্তাৱটো আগবঢ়াই মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক মালয়ালম ভাষাত ‘কেৰালাম’ বুলি কোৱা হয় আৰু মালয়ালম ভাষী জনগোষ্ঠীসমূহৰ বাবে এক ঐক্যবদ্ধ কেৰালা সৃষ্টিৰ দাবী জাতীয় স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই তীব্ৰভাৱে উত্থাপন হৈ আহিছে। কিন্তু সংবিধানৰ প্ৰথম সূচীত আমাৰ ৰাজ্যৰ নাম কেৰালা বুলি লিখা আছে। এই বিধানসভাই সংবিধানৰ ৩ নং অনুচ্ছেদৰ অধীনত ইয়াৰ নাম সলনি কৰি কেৰালাম কৰিবলৈ কেন্দ্ৰক অনুৰোধ জনাইছে। এই বিধানসভাই সংবিধানৰ অষ্টম অনুসূচীত উল্লেখ কৰা সকলো ভাষাতে ইয়াৰ নাম কেৰালামলৈ সলনি কৰিবলৈ অনুৰোধ জনাইছে।

উল্লেখ্য যে বিগত বৰ্ষৰ আগষ্ট মাহত বিধানসভাই সৰ্বসন্মতিক্ৰমে একেধৰণৰ প্ৰস্তাৱ গৃহীত কৰি কেন্দ্ৰলৈ প্ৰেৰণ কৰিছিল। কিন্তু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ইয়াত কিছু কাৰিকৰী সালসলনিৰ পৰামৰ্শ দিছিল।

মুখ্যমন্ত্রীয়ে লগতে কয় যে পূৰ্বৰ প্রস্তাৱত কিছু সালসলনিৰ প্রয়োজন৷ এই প্ৰস্তাৱ শাসকীয় এলডিএফ আৰু বিৰোধী কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফ দুয়োটা দলৰ সদস্যই গ্ৰহণ কৰে।

স্মৰ্তব্য যে, ইউডিএফৰ বিধায়ক এন ছামছুদ্দিনে এই প্ৰস্তাৱত কিছু পৰিৱৰ্তনৰ পৰামৰ্শ আগবঢ়ায়, যিবোৰ চৰকাৰে নাকচ কৰে। ইয়াৰ পিছতে বিধানসভাৰ অধ্যক্ষ এ এন শ্বামছিৰে সৰ্বসন্মতিক্ৰমে গৃহীত বুলি ঘোষণা কৰে।

Leave A Reply

Your email address will not be published.