ISHAN NEWS – Always One Step Ahead of Time…

সাংসদ ওৱেইছিৰ জয় পেলেষ্টাইন শ্লোগানক লৈ উত্তপ্ত লোকসভা

0 103

বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ সূচনা কৰিলে নতুন বিতৰ্কৰ। আজি লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আছাদুদ্দিনে জয় পেলেষ্টাইনৰ শ্লোগান দিয়াক লৈ সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

ওৱেইছিৰ এই শ্লোগানে বিতৰ্কৰ সূত্ৰপাত ঘটোৱাত প্ৰ’টেম অধ্যক্ষই সংসদৰ কাৰ্য্যবিধিৰ পৰা এই শব্দটো আঁতৰাই পেলায়।

সেই সময়ত লোকসভাৰ অধ্যক্ষৰ দায়িত্বত থকা ৰাধা মোহন সিঙে সদস্যসকলক আশ্বাস দিয়ে যে শপত গ্ৰহণৰ বাহিৰে একো শব্দ লিপিবদ্ধ নহ’ব। কিছু সময়ৰ বাবে হুলস্থুলীয়া পৰিৱেশ চলাৰ পিছত পুনৰ আৰম্ভ হ’ল শপত গ্ৰহণ।

বিতৰ্কৰ পিছত পুনৰবাৰ অধ্যক্ষৰ আসনত বহি প্ৰ’টেম অধ্যক্ষ ভাৰ্ত্ৰুহৰি মাহতাবে কয় যে কেৱল শপত বাক্যহে লিপিবদ্ধ কৰা হৈছে।

তেওঁ কয়, ‘মই পূৰ্বতেও কৈছো যে অনুগ্ৰহ কৰি শপত বা দৃঢ়তাৰ বাহিৰে আন একো উল্লেখ নকৰিব। ইয়াক কেৱল লিপিবদ্ধ কৰা উচিত। ইয়াক অনুসৰণ কৰা উচিত।‘

বিষয়টো সন্দৰ্ভত এআইএমআইএমৰ অধ্যক্ষৰ প্ৰতিক্ৰিয়াও পোহৰলৈ আহিছে। দেশৰ আগশাৰীৰ সংবাদ সংস্থাৰ সৈতে হোৱা কথা-বতৰাত তেওঁ কয়, ‘সকলোৱে বহুত কথা কৈছে। মই মাত্ৰ কৈছিলো “জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন।‘

পেলেষ্টাইনৰ কথা কিয় উল্লেখ কৰিছে বুলি সোধাত তেওঁ কয়, ‘তেওঁলোক নিপীড়িত জনগোষ্ঠী’।

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ২০১৯ চনৰ শপত গ্ৰহণ কৰাৰ সময়ত ওৱেইছিয়ে “জয় ভীম, আল্লাহ-হু-আকবৰ আৰু জয় হিন্দ” শব্দৰে শপত গ্ৰহণৰ সামৰণি মাৰিছিল।

Leave A Reply

Your email address will not be published.