ISHAN NEWS – Always One Step Ahead of Time…

বিপদত আছাদুদ্দিন ওৱেছি! হেৰুৱাব পাৰে সাংসদ পদ

0 436

বিপদত হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাউদ্দিন ওৱেছি! সাংসদগৰাকীয়ে হেৰুৱাব পাৰে সাংসদ পদ। যোৱা মঙলবাৰে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত “জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন‘ শ্লোগান দিছিল সাংসদগৰাকীয়ে। জয় পেলেষ্টাইন শ্লোগান দিয়াৰ বাবে আছাদুদ্দিন ওৱেছিক অযোগ্য ঘোষণা কৰিবলৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ ওচৰত অভিযোগ দাখিল কৰিছে উচ্চতম ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বিষ্ণু শংকৰ জৈনৰ পিতৃ তথা জ্যেষ্ঠ অধিবক্তা হৰি শংকৰ জৈনে এই অভিযোগ দাখিল কৰিছে।

বিষ্ণুশংকৰ জৈনে X- ত লিখিছে, “হৰিশংকৰ জৈনে সংবিধানৰ অনুচ্ছেদ ১০২ আৰু ১০৩ৰ অধীনত অভিযোগ দাখিল কৰি আছাদুদ্দিন ওৱেছিক অযোগ্য ঘোষণা কৰিবলৈ আবেদন জনাইছে।” উল্লেখ্য যে সংবিধানৰ ১০২ অনুচ্ছেদ অনুসৰি ৰাজ্য চৰকাৰৰ অধীনত যিকোনো লাভৰ পদত অধিষ্ঠিত  বা আদালতৰ দ্বাৰা মানসিকভাৱে অক্ষম, দেউলিয়া অথবা ভাৰতৰ বাহিৰে আন কোনো দেশৰ নাগৰিকত্ব গ্ৰহণ নকৰা নতুবা সংসদৰ দ্বাৰা গৃহীত যিকোনো আইনৰ অধীনত অযোগ্য ঘোষণা কৰা হয়। অনুচ্ছেদ ১০৩ য়ে ৰাষ্ট্ৰপতিক অনুচ্ছেদ ১০২ ৰ অধীনত যিকোনো অভিযোগ পোৱাৰ পিছত সংশ্লিষ্ট সাংসদৰ অৰ্হতাৰ ওপৰত সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে। অৱশ্যে যিকোনো সিদ্ধান্ত লোৱাৰ আগতে নিৰ্বাচন আয়োগৰ সৈতে আলোচনা কৰা প্ৰয়োজন।

Leave A Reply

Your email address will not be published.