ISHAN NEWS – Always One Step Ahead of Time…

সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ পূৰ্বে আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল

0 218

বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালক পুৱা তিহাৰ জেইলৰ পৰা আনি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হৈছিল।

শুনানিৰ সময়ত চিবিআইয়ে আদালতৰ পৰা কেজৰিৱালক জিম্মাৰ দাবী জনায়। তদন্তকাৰী সংস্থাটোৱে কয় যে জেৰা কৰিবলৈ কেজৰিৱালক জিম্মাত দিয়া উচিত।

অৱশ্যে কেজৰিৱালৰ অধিবক্তাই চিবিআইৰ এই দাবীৰ বিৰোধিতা কৰে। তেওঁ কয় যে আদালতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিবলৈ অনুমতি দিব নালাগে।

আনহাতে চিবিআইয়ে কয় যে কেজৰিৱাল ন্যায়িক জিম্মাত আছিল। সেইবাবেই আমি এতিয়াও কেজৰিৱালক গ্ৰেপ্তাৰ কৰা নাছিলো। বিশেষ ন্যায়াধীশ অমিতাভ ৰাৱটৰ সন্মুখত হাজিৰ কৰোৱা হৈছিল কেজৰিৱালক।

মঙলবাৰে বিয়লি তিহাৰ কাৰাগাৰত আম আদমি পাৰ্টিৰ মুৰব্বীজনক জেৰা কৰিছিল চিবিআইয়ে।

ইফালে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ বিজেপিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আম আদমী পাৰ্টিয়ে। আপৰ তৰফৰ পৰা কয়, ‘আজি যেতিয়া বিজেপিয়ে অনুভৱ কৰিলে যে কেজৰিৱালে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰাৰ সম্ভাৱনা আছে, তেতিয়া তেওঁলোকে পুনৰ ষড়যন্ত্ৰ কৰি মুখ্যমন্ত্ৰী কেজৰিৱালক ভুৱা গোচৰত চিবিআইৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা হ’ল। বিজেপিৰ প্ৰতিটো ষড়যন্ত্ৰৰ উত্তৰ পোৱা যাব, সত্যই শেষত জয়লাভ কৰিব।

Leave A Reply

Your email address will not be published.