ISHAN NEWS – Always One Step Ahead of Time…

২৯ জুনত AAP-এ দেশজুৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ 

0 110

আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৯ জুন অৰ্থা শনিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব।

দলটোৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে দলৰ মুখ্য কাৰ্যালয়ত জ্যেষ্ঠ নেতাসকলৰ বৈঠকত কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে সমগ্ৰ দেশৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰা হ’ব বুলি সিদ্ধান্ত লোৱা হৈছে।

এই সন্দৰ্ভত আপৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক (সাংগঠনিক) সন্দীপ পাঠকে কয়, ‘তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ আৰু অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাক লৈ শনিবাৰে সমগ্ৰ দেশৰ আপ কৰ্মীসকলে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব।‘

পাঠকে অভিযোগ কৰে যে উচ্চতম ন্যায়ালয়ৰ পৰা জামিন লাভ কৰিব বুলি অনুভৱ কৰাৰ পিছতেই বিজেপিয়ে চিবিআইৰ জৰিয়তে তেওঁক গ্ৰেপ্তাৰ কৰে। বিজেপিয়ে কেজৰিৱালক যিকোনো মূল্যৰ বিনিময়ত জেলত ৰাখিব বিচাৰিছে যাতে তেওঁ নিৰ্বাচনৰ পৰা আঁতৰি থাকিব পাৰে আৰু আপৰ অস্তিত্ব শেষ হৈ যায়।

তেওঁ লগতে কয় যে দিল্লীৰ সকলো জনসাধাৰণে মুখ্যমন্ত্রী কেজৰিৱালৰ সৈতে আছে আৰু এই অন্যায়ৰ বিৰুদ্ধে দলৰ যুঁজত তেওঁক সহযোগ কৰিব বুলি আপৰ পূর্ণ আস্থা আছে৷

Leave A Reply

Your email address will not be published.