ISHAN NEWS – Always One Step Ahead of Time…

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি দিয়াৰ ক্ষমতা আছে প্ৰধানমন্ত্ৰী মোদীৰ! আমেৰিকাৰ স্বীকাৰোক্তি

0 185

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাব পাৰিব। মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়তে এই কথা প্ৰকাশ কৰিছে আমেৰিকাই।  তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৮ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হয়। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকক লৈ বিশ্বজুৰি আৰম্ভ হৈছে চৰ্চা। প্ৰধানমন্ত্ৰীৰ ৰাছিয়াৰ ভ্ৰমণৰ মাজতে আমেৰিকাই স্বীকাৰ কৰিছে যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ সমাপ্ত কৰাৰ ক্ষমতা কেৱল ভাৰতৰহে আছে। হোৱাইট হাউচৰ মুখপাত্ৰ কাৰিনে জিন-পিয়েৰে কয় যে ৰাছিয়াৰ সৈতে ভাৰতৰ সম্পৰ্ক ইমানেই শক্তিশালী যে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধ প্ৰধানমন্ত্ৰী মোদীয়ে অন্ত পেলাব পাৰে। তেওঁ কয় যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ সৈতে যুদ্ধ সমাপ্ত কৰিবলৈ মোদীয়ে আহ্বান জনাব পাৰে।

ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ এখন শিশু চিকিৎসালয়ত হোৱা মাৰাত্মক আক্ৰমণৰ এদিন পিছতে নিৰীহ শিশুৰ মৃত্যু বেদনাদায়ক আৰু ভয়ংকৰ বুলি পুটিনৰ সমুখত মন্তব্য কৰিছিল মোদীয়ে। আলোচনাৰ সময়ত মোদীয়ে ইউক্ৰেইনৰ প্ৰসংগ প্ৰত্যক্ষভাৱে উল্লেখ নকৰিলেও যুদ্ধ ক্ষেত্ৰত সংঘাতৰ কোনো সমাধান নাই বুলি উল্লেখ কৰি তেওঁ কয় যে আলোচনা আৰু কূটনীতিৰ মাজেৰে শান্তি স্থাপন কৰিব পাৰি। পুটিনে আয়োজন কৰা ব্যক্তিগত নৈশ ভোজত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইউক্ৰেইনত যুদ্ধ কৰি বন্দী হোৱা ভাৰতীয় লোকসকলক মুকলি কৰি দিবলৈ আহ্বান জনায়।  

ইপিনে, প্ৰধানমন্ত্ৰী মোদীৰ ৰাছিয়া ভ্ৰমণক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে। মোদীৰ ৰাছিয়া ভ্ৰমণ বিশ্বৰ বাবে হতাশাজনক ঘটনা আৰু এই ভ্ৰমণে শান্তিৰ স্থাপনৰ প্ৰচেষ্টাত আঘাত হানিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইউক্ৰেইনে।

Leave A Reply

Your email address will not be published.