বিদ্যুৎপৃষ্ট হৈ মাতৃসহ ২ সন্তানৰ কৰুণ মৃত্যু। লগতে মৃত্যু আন এটি কিশোৰৰ ।
ৰাজ্স্থানৰ বুণ্ডী জিলাৰ ৰামনগৰ গাঁৱত বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যু মাতৃৰ লগতে ২ পুত্ৰৰ। এই দুৰ্ঘটনাৰ পাছতেই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। বিপৰীতে অনুপগড়তো বিদ্যুৎস্পৃষ্ট হৈ এটি ৫বছৰীয়া শিশুৰ মৃত্যু হয়।
দৰাচলতে, মহিলাগৰাকীয়ে ঘৰৰ ছাদৰ ওপৰত ঝাড়ু দি থকাৰ সময়তে ঘৰৰ ওপৰেৰে হাই ভল্টেজৰ বিদ্যুতৰ তাঁৰ পাৰ হৈ যায় । সেই সময়তে কাষতে খেলি আছিল ২ কিশোৰ। মাতৃৰ চিঞৰ শুনি মাতৃক বচাবলৈ লয় দুই পুত্ৰই। কিন্তু মাতৃৰ লগতে ২ পুত্ৰৰো বিদ্যুৎপৃষ্ট হৈ প্ৰাণ যায়। ঘটনাৰ পাছতে পৰিয়ালৰ লোকে আৰু আৰক্ষীয়ে তিনিওকে জিলা চিকিৎসায়লত ভৰ্তি কৰাই। কিন্তু চিকিৎসকে তিনিওজনকে মৃত ঘোষণা কৰে ।
ছাদত ঝাড়ু দি থকাৰ সময়তে মহিলাগৰাকীৰ ঝাড়ুটো হাই টেনচন লাইনৰ সংস্পৰ্শলৈ আহিছিল বুলি ডি এছ পি অমৰ সিং ৰাথোদে জনিবলৈ দিয়ে।
মৃতকৰ আত্মীয়ই জানিবলৈ দিয়ে যে বিদ্যুৎ লাইনৰ মেৰামতিৰ বাবে স্থানীয় বিদ্যুৎ ব’ৰ্ডৰ কাৰ্যালয়ৰ কাষ চাপিলেও তেওঁলোকে সেই কামত ব্যৰ্থ হয় যাৰ বাবে একেলগতে তিনিগৰাকীকৈ লোকে মৃত্যুক আকোঁৱালি ল’ব লগা হৈছে সেয়েহে মৃত্যুৰ বাবে তেওঁলোকক দায়ী কৰা উচিত।
ৰাজস্থান ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ বিৰুদ্ধে কাঞ্জৰ জনগোষ্ঠীৰ লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰি কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত প্ৰশাসন আৰু বিভাগীয় আৰক্ষী বিষয়াসকল উপস্থিত হয় । বিধায়ক হৰিমোহন শৰ্মাই বুণ্ডী জিলা চিকিৎসালয় পৰিদৰ্শন কৰি ৰাজস্থান ৰাজ্যিক বিদ্যুৎ ব’ৰ্ডৰ কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰো দাবী জনোৱাৰ লগতে মৃতকৰ আত্মীয়ৰ ক্ষতিপূৰণ ঘোষণা কৰিবলৈও ৰাজস্থান চৰকাৰক দাবী জনায়।
ইয়াৰোপৰি, অনুপগড়ত বিদ্যুৎস্পৃষ্ট হৈ এটি ৫ বছৰীয়া শিশুৰো মৃত্যু হয়। জানিব পৰা মতে, এই ঘটনা ৬ নম্বৰ ৱাৰ্ডত সংঘটিত হয়। যেতিয়া মাতৃ ৰন্ধাঘৰত ৰন্ধা-বঢ়া কৰি আছিল তেতিয়া শিশুটি বাহিৰত খেলি আছিল । সেইসময়তে বিদ্যুৎ প্ৰবাহৰ সংস্পৰ্শলৈ আহে আৰু বিদ্যুৎপৃষ্ট হয়। শিশুটিক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।