ISHAN NEWS – Always One Step Ahead of Time…

সংগীত উপভোগৰ সময়তেই চাদ খহি আঘাতপ্ৰাপ্ত ১০০ৰো অধিক লোক।

0 205

বিহাৰৰ ছপৰাত অঘটন। মঙলবাৰে আৰ্থাৎ ৩ চেপ্তেম্বৰত সন্ধিয়া বিহাৰৰ ছাপৰা চহৰত এখন সংগীত পৰিবেশনৰ সময়তে টিনৰ চাদ ভাঙি পৰাৰ ফলত কেইবাজনো লোক আহত হয়।

মহাবীৰ মেলাত সংগীত পৰিবেশন চাবলৈ হাজাৰ হাজাৰ লোকৰ সমবেত ঘটে আৰু তেনে সময়তে কিছু লোক ওচৰতে থকা অট্টালিকাখনৰ চাদৰ উপৰত উঠি সংগীত পৰিবেশন কৰে ।
কিন্তু চাদখনত অত্যাধিক লোক উঠাৰ বাবে কিছু মূহূৰ্তৰ পাছতেই খহি পৰে। কেইবাজনো লোক থিয় হৈ থকা টিনৰ চাদখন ভাঙি পৰাত এই দুৰ্ঘটনাটো সংঘটিত হয়।
চাদখন খহি পৰাৰ ফলত তলত থিয় হৈ থকা শ শ লোকো আহত হয়। ১০০ জনতকৈ অধিক লোক আহত হোৱাৰ খবৰ পোৱা গৈছে আৰু চাদ খহি পৰাৰ দৃশ্যও কেইবাজনো লোকৰ মোবাইল ফোনত বন্দী হয়।

ছ’চিয়েল মিডিয়াত প্ৰচাৰিত ভিডিঅ’বোৰত মানুহে বেলকনি, গছ, অট্টালিকাৰ চাদত উঠি মিউজিক শ্ব’টো চাবলৈ যোৱা দেখা গৈছে। ভিডিঅ’ত দেখিবলৈ পোৱা মতে, চাদখন ভাঙি পৰাৰ ফলত এক ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হয় যাৰ ফলত দুৰ্ঘটনাস্থলীত চিঞৰ-বাখৰ আৰম্ভ হয় আৰু সেই স্থানৰ পৰা লোকসকল আঁতৰি আহিবলৈ চেষ্টা কৰে ।

স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পাছতে আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আহত লোকসকলক ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আৰক্ষীৰ তথ্য অনুসৰি আহত লোকসকলৰ ভিতৰত ১০ জনৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.