ISHAN NEWS – Always One Step Ahead of Time…

ইউটিউব ভিডিঅ’ চায়েই ৱাই কেটেগৰীৰ নিৰাপত্তা ভেদি গুলীচালনা !

0 131

নিউজ ডেস্ক, ১৬ অক্টোবৰঃ ইউটিউবত এতিয়া প্ৰায়বোৰেই উপলব্দ । উপলব্ধ গুলীচালনাৰ প্ৰশিক্ষণো । ইউটিউবৰ ভিডিঅ’ৰ পৰা প্ৰশিক্ষণ লৈয়েই হত্যা কৰা হ’ল ৱাই কেটেগৰীৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা এগৰাকী প্ৰভাৱশালী ৰাজনীতিক তথা প্ৰাক্তন মন্ত্ৰীক ।


মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী তথা এনচিপি নেতা বাবা ছিদ্দিকী আততায়ীৰ গুলীত নিহত হ’ল ১২ অক্টোবৰত । ৰাজনীতিবীদগৰাকীৰ হত্যাৰ লগত জড়িত থকাৰ অভিযোগত মুম্বাই আৰক্ষীয়ে চাৰিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ বিপৰীতে আন তিনিজন পলাতক অৱস্থাত আছে । উক্ত অভিযুক্তৰ ভিতৰত অন্যতম গুৰমাইল সিং আৰু ধৰ্মৰাজ কাশ্যপে ইউটিউব ভিডিঅ’ চাই গুলীচালনা কৰিবলৈ শিকিছিল বুলি সংবাদ সংস্থা এ এন আয়ে মুম্বাই আৰক্ষীৰ উদ্ধৃতি দি প্ৰকাশ কৰিছে ।


সংবাদ সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি ঘটনাৰ ২৫ দিন পূৰ্বে গুলীচালনাকাৰীয়ে বাবা ছিদ্দিকীৰ বাসগৃহ আৰু কাৰ্যালয় তন্নতন্নকৈ নিৰীক্ষণ কৰিছিল । গুৰমাইল সিং আৰু ধৰমৰাজ কাশ্যপে ইউটিউবৰ পৰা শ্বুটিং শিকিছিল আৰু মুম্বাইত মেগজিন নোহোৱাকৈয়ে শ্বুটিঙৰ অনুশীলন কৰিছিল । মুম্বাই ক্ৰাইম ব্ৰাঞ্চৰ পৰা পোৱা তথ্য অনুসৰি বাবা ছিদ্দিকীক হত্যাৰ সমগ্ৰ পৰিকল্পনা পুনেত কৰা হৈছিল ।


উল্লেখ্য যে গুজৰাটৰ সাবৰমতী কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ লৰেন্স বিষ্ণৈ চক্ৰৰ সৈতে জড়িত বুলি দাবী কৰিছে আক্ৰমণকাৰীয়ে ।

অধিক বা-বাতৰিৰ বাবে সংযুক্ত হৈ থাকক ঈশান নিউজৰ সৈতে

Leave A Reply

Your email address will not be published.