ISHAN NEWS – Always One Step Ahead of Time…

দুবছৰ পিচত জামিন লাভ আপ নেতা সত্যেন্দ্ৰ জৈনৰ

0 193

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ দুবছৰৰ পিচত জামিন লাভ কৰিলে আম আদমি পাৰ্টীৰ নেতা সত্যেন্দ্ৰ জৈনে । ধন সৰবৰাহৰ গোচৰত বলবৎকাৰী সঞ্চালকালয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ প্ৰাক্তন মন্ত্ৰীগৰাকীক ।


তিহাৰ কাৰাগাৰত বন্দী হৈ থকা আপ নেতাগৰাকীৰ জামিন শুকুৰবাৰে মঞ্জুৰ কৰে দিল্লী আদালতে । ২০২৩ চনৰ মে’মাহত চিকিৎসাৰ তেওঁক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিছিল উচ্চতম ন্যায়ালয়ে । তাৰ পিচতে চলিত বৰ্ষৰ মাৰ্চ মাহত নিয়মীয়া জামিনৰ বাবে আবেদন কৰিছিল সত্যেন্দ্ৰ জৈনে । কিন্তু সেই অনুৰোধ উচ্চতম ন্যায়ালয়ে নাকচ কৰাৰ পিচত তেওঁ পুনৰ তিহাৰ কাৰাগাৰলৈ উভতি যাবলগীয়া হৈছিল ।


উল্লেখ্য যে শেহতীয়াকৈ বিভিন্ন গোচৰ গ্ৰেপ্তাৰ হৈ জামিন লাভ কৰা তৃতীয়জন আপ নেতা হৈছে সত্যেন্দ্ৰ জৈন ।

Leave A Reply

Your email address will not be published.