নিউজ ডেস্ক, ১৬ নৱেম্বৰঃ উত্তৰ প্ৰদেশত সংঘটিত হ’ল এক ভয়ংকৰ শিহৰণকাৰী ঘটনা ৷ দাওদাওকৈ জ্বলি উঠিল এখন চিকি९সালয়ৰ এটা এন আই চি ইউৰ কোঠা ৷ এফালৰ পৰা জ্বলি গ’ল কোঠাটো ৷ লগে লগে এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছে চিকি९সালয়খনত ৷ কান্দোনত ভাঙি পৰিল একাংশ পিতৃ-মাতৃ ।
উত্তৰ প্ৰদেশৰ ঝান্সিৰ অন্তৰ্গত মহাৰাণী লক্ষ্মীবাই মেডিকেল কলেজত ১৬ নৱেম্বৰৰ নিশা প্ৰায় ১০ বাজি ৪৫ মিনিটত হঠাতে এনআইচিইউৰ কোঠালীত জুই লাগে ৷ যাৰ ফলত তাত ভৰ্তি হোৱা কেইবাটিও শিশুৰ মৃত্যু আৰু আঘাতপ্ৰাপ্ত হয় ৷ ঘটনাস্থলীত অগ্গি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও ১০ টি শিশুৰ মৃত্যু আৰু ১৬ টি শিশু আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ৷
মুখ্যমন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাটোৰ বুজ লৈ আহত শিশুকেইটিৰ উন্নত চিকি९সা কৰিবৰ বাবে জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে- “ঝান্সি জিলাত অৱস্থিত চিকিৎসা মহাবিদ্যালয়ৰ এনআইচিইউত দুৰ্ঘটনাত শিশুৰ মৃত্যু অতি দুখজনক আৰু হৃদয়বিদাৰক। জিলা প্ৰশাসন আৰু সংশ্লিষ্ট বিষয়াসকলক যুদ্ধকালিনভাৱে সাহায্য আৰু উদ্ধাৰ অভিযান চলাবলৈ নিৰ্দেশ দিয়া হৈছে ।“
মুখ্যমন্ত্ৰীয়ে জিলা প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বিষয়াসকলক ঘটনাস্থলীত উপস্থিত হ’বলৈ আৰু সাহায্যৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে। বৰ্তমান আহত শিশু উন্নত চিকিৎসা চলি আছে ৷ জানিব পৰা মতে, জুই লগা এনআইচিইউৰ কোঠাটোত প্ৰায় ৩০ টিৰো অধিক শিশু ভৰ্তি হৈ আছিল ৷ ইতিমধ্যে মৃত্যু হোৱা ১০ টি শিশুৰ ভিতৰত ৭ টি শিশুক চিনাক্ত কৰা হৈছে ৷ বাকী ৩ টি শিশু এতিয়াও চিনাক্ত কৰিব পৰা নাই ৷ সাধাৰণ এটা শ্বৰ্ট চাৰ্কিটৰ ফলতে এনেকৈ জুইত জাহ গ’ল ১০ টিকৈ শিশু ৷