ISHAN NEWS – Always One Step Ahead of Time…

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে স্থান লাভ কৰিব নে সংসদৰ বৰ্ষাকালীন অধিবেশনত ?

0 51

মণিপুৰৰ হিংসাত্মক পৰিস্থিতিয়ে স্থান লাভ কৰিব নে সংসদৰ বৰ্ষাকালীন অধিবেশনত ?
কাইলৈৰ পৰা ১১ আগষ্টলৈ সংসদৰ বৰ্ষাকালীন অধিবেশন

কাইলৈ অৰ্থাৎ ২০ জুলাইৰ পৰা আৰম্ভ হব সংসদৰ বৰ্ষাকালীন অধিবেশন । ১১ আগষ্টলৈকে চলিব লগীয়া বৈঠকৰ পূৰ্বে আজি অনুষ্ঠিত হয় এখন সৰ্বদলীয় বৈঠক । কেন্দ্ৰীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙৰ বাসগৃহত অনুষ্ঠিত সৰ্বদলীয় বৈঠকত কেইবাটাও বিষয় আলোচনা কৰা হয় । মণিপুৰৰ হিংসাত্মক ঘটনা সন্দৰ্ভত সদনত বিৰোধীয়ে কৰা আলোচনাৰ দাবী মানি লৈছে চৰকাৰে। ইয়াৰ উপৰিও বিৰোধীয়ে , মূল্যবৃদ্ধি আৰু মুদ্ৰাস্ফীতি সন্দৰ্ভত আলোচনাৰ দাবী উণ্থাপন কৰিছে ।

বিগত দুমাহ ধৰি মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিক লৈ বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক আক্রমণ কৰি আহিছে । এই সন্দৰ্ভত দেশৰ প্রধানমন্ত্রী মাননীয় নৰেন্দ্ৰ মোডীৰ মৌনতাক লৈ বিগত সময়ছোৱাত বিৰোধীয়ে বিভিন্ন প্রশ্ন উণ্থাপন কৰি আহিছে । কংগ্ৰেছৰ সাংসদ অধীৰ ৰঞ্জন চৌধুৰীয়ে এই সন্দৰ্ভত কয় যে , যদি চৰকাৰে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ কাম কাজ সুকলমে হোৱাটো বিচাৰে তেন্তে বিৰোধীৰ বিষয়বোৰক স্থান দিব লাগিব । উল্লেখযোগ্য যে, ৩ মে’ৰ পৰা মণিপুৰত হিংসাত্মক ঘটনা সংঘটিত হৈছিল । চৰকাৰী হিচাপ মতে বৰ্তমানলৈকে মণিপুৰত ১০০ জনতকৈও অধিক লোকৰ মৃত্যু হৈছে আৰু ৬০ হাজাৰতকৈও অধিক লোক গৃহহীন হৈছে ।

সংসদৰ বৰ্ষাকালীন

অধিবেশনত সকলো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ সাজু কেন্দ্ৰীয় চৰকাৰ । সংসদীয় পৰিক্রমা দপ্তৰৰ মন্ত্রী প্রহ্লাদ যোশীয়ে কয় যে , মণিপুৰৰ দুমাহজোৰা হিংসাত্মক ঘটনাকে ধৰি সকলো বিষয় সংসদত আলোচনা কৰিবলৈ চৰকাৰ সাজু ।
ৰাষ্ট্রীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি সংসদৰ এইবাৰৰ বৰ্ষাকালীন অধিবেশনত ৩১ খন বিধেয়ক উণ্থাপনৰ সম্ভাৱনা আছে । ইয়াৰ ভিতৰত দিল্লীৰ বিষয়া সকলৰ পোষ্টিং আৰু বদলিৰ অধিকাৰৰ সৈতে জৰিত কেন্দ্ৰীয় অধ্যাদেশো আছে ।

Leave A Reply

Your email address will not be published.