ISHAN NEWS – Always One Step Ahead of Time…

লোকসভাৰ অধ্যক্ষৰ আসনত নবহে ওম বিৰলা !

0 458

শাসকীয় আৰু বিৰোধী দলৰ বহু কেইগৰাকী সাংসদে সংসদৰ চলিত বৰ্ষাকালীন অধিবেশনত অশান্তিৰ পৰিবেশ সৃষ্টি কৰাৰ বাবে স্তম্ভিত হৈছে লোকসভাৰ অধ্যক্ষ ওম বিৰলা ।
যোৱা ২০ জুলাইৰ পৰা আৰম্ভ হোৱা সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ছোৱাত মণিপুৰ কাণ্ডক কেন্দ্ৰ কৰি শাসকীয় আৰু বিৰোধী সাংসদ সকলে সৃষ্টি কৰিছে হুলস্থুলীয়া পৰিস্থিতিৰ । ইয়াৰ পৰিপ্রেক্ষিতত লোকসভা আৰু ৰাজ্যসভাৰ অধিবেশন বাৰে বাৰে স্থগিত ৰাখিব লগীয়া পৰিস্থিতি উদ্ভৱ হৈছে ।
শাসক আৰু বিৰোধী শিবিৰৰ সাংসদ সকলৰ আচৰণক লৈ স্তম্ভিত অধ্যক্ষ গৰাকীয়ে অধিবেশনৰ মাজতে সাংসদ সকলক সদনৰ মৰ্যদা অক্ষুণ্ণ ৰাখিবলৈ বাৰে সকীয়াই দিছে । যেতিয়ালৈকে সাংসদ সকলে নিজৰ মৰ্যদা আৰু অধিবেশনৰ মৰ্যদা বজাই ৰাখিব পৰা ধৰণৰ আচৰণ নকৰে তেতিয়ালৈকে সংসদৰ অধিবেশনত উপস্থিত নথকাৰ কথা শেহতীয়াকৈ উল্লেখ কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই । মঙ্গলবাৰৰ দিনটোত বিৰোধী দলৰ সাংসদ সকলে দিল্লীৰ বিধেয়কক কেন্দ্ৰ কৰি সৃষ্টি কৰা হুলস্থুলীয়া পৰিস্থিতিক লৈ অসন্তুস্ত হৈ পৰিছিল অধ্যক্ষ গৰাকী ।
বুধবাৰে অৰ্থাৎ আজি লোকসভাৰ অধিবেশনত উপস্থিত নাছিল অধ্যক্ষ ওম বিৰলা । বুধবাৰৰ দিনটোতো হুলস্থুলীয়া পৰিস্থিতিৰ বাবে পূৰ্বৰ দৰেই পুনৰ স্থগিত ৰখা হয় সদনৰ অধিবেশন ।

লোক সভাৰ অধ্যক্ষ ওম বিৰলাই লোকসভাৰ অধিবেশন বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ খবৰ প্রকাশ হোৱাৰ পাছতে আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা । অহা ৮ – ১০ আগষ্টত নৰেন্দ্ৰ মোডী চৰকাৰৰ বিৰুদ্ধে বিৰোধীয়ে অনা অনাস্থা প্রস্তাৱৰ বিতৰ্কত লোকসভাৰ অধ্যক্ষ ওম বিৰলা অধ্যক্ষৰ আসনত বহিবনে, নবহে ? তাকে লৈ দেশৰ ৰাজনীতিত আৰম্ভ হৈছে চৰ্ছা ।

Leave A Reply

Your email address will not be published.