ISHAN NEWS – Always One Step Ahead of Time…

এন চি চি ৰ প্রশিক্ষণত কেডেটক তীব্ৰ প্রহাৰ জ্যেষ্ঠ ছাত্রৰ ।বোকাত ড্ৰীল কৰাৰ ভয়ংকৰ দৃশ্য ভাইৰেল।

0 545

এন চি চি ৰ প্রশিক্ষণৰ এটা ভাইৰেল ভি ডি ও ই দেশজুৰি তীব্ৰ প্রতিক্রিয়া সৃষ্টি কৰিছে । মহাৰাষ্ট্ৰৰ থানেৰ বেদেকাৰ কলেজৰ বুলি দাবী কৰা ভি ডি ও টোত এন, চি, চি কেডেটৰ প্রশিক্ষণৰ সময়ত এগৰাকী ব্যক্তিয়ে শিক্ষাৰ্থী সকলক এডাল লাঠিৰে প্রহাৰ কৰা দৃশ্য পোহৰলৈ আহিছে ।

বৰষুণৰ তিতিবুৰি একাংশ প্রশিক্ষাৰ্থীয়ে বোকাত মুৰ থৈ এক বিশেষ ভংগীমাত পৰি আছে । তেনেতে ৰঙা টি চাৰ্ট পৰিহিত এজন ব্যক্তিয়ে পাছফালৰ পৰা বোকাত মুৰ থৈ পৰি থকা এন, চি, চি ৰ প্রশিক্ষাৰ্থী কেইজনক ডাল লাঠিৰে প্রহাৰ কৰে । সেই সময়ত প্রশিক্ষাৰ্থী কেইজনৰ চিঞৰ শুনিও আগবাঢ়ি যোৱা নাছিল কোনো এগৰাকী ব্যক্তি । সেইসময়ত কেইবাজনো লোকে দুৰৈৰ পৰাই চাই থাকিল সেই দৃশ্য । সামাজিক মাধ্যমত এই ভি ডি ও ভাইৰেল হোৱাৰ পাছতে মহাৰাষ্ট্ৰ থানেত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।
থানেৰ যোশী বেদেকাৰ মহাবিদ্যালয়ৰ ঘটনা বুলি অভিযোগ উণ্থাপন হোৱাৰ পাছত মহাবিদ্যালয় খনৰ অধ্যক্ষ সুচিত্রা নায়কে এই ঘটনা সঁচা হয়নে নহয় এই সন্দৰ্ভত তদন্ত চলি আছে বুলি উল্লেখ কৰে সংবাদ মাধ্যমৰ সন্মুখত । এই ঘটনা আমি অতি গুৰুত্ব সহকাৰে লৈছো আৰু এনে কাৰ্য কোনো কাৰণত সহ্য কৰা নহব বুলি কয় অধ্যক্ষ গৰাকীয়ে ।

এইখন মহাবিদ্যালয়ত ৪০ বছৰ ধৰি এন চি চি ৰ প্রশিক্ষণ চলি আছে আগতে এনে ঘটনা কেতিয়াও সংঘটিত হোৱা নাই বুলি কয় অধ্যক্ষ গৰাকীয়ে । এনে কাৰ্য মানসিক ৰোগীয়েহে সংঘটিত কৰিব পাৰে বুলি স্পষ্ট ভাবে কয় অধ্যক্ষ সুচিত্রা নায়কে । মহাবিদ্যালয়খনৰ জ্যেষ্ঠ ছাত্র এই ঘটনাত জড়িত থকাৰ কথা প্রমাণিত হলে সেই সকল ছাত্রৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি কয় মহাবিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.