বুধবাৰৰ ঐতিহাসিক ক্ষণলৈ অপেক্ষা ভাৰতবাসীৰ ।ইছৰোৱে জনালে ক’ত কেনেকৈ চাব পাৰিব চন্দ্ৰযান ৩ ৰ লেণ্ডিংৰ পোণপটীয়া সম্প্ৰচাৰ।
চন্দ্ৰযান ৩ ৰ চন্দ্ৰপৃষ্ঠত অৱতৰণক লৈ প্রতিগৰাকী ভাৰতীয়ৰ উত্তেজনা ক্রমাৎ বৃদ্ধি পাইছে । পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈ সতৰ্কতাৰে আগবঢ়া ইছৰোৰ বিজ্ঞানী সকলে এইবাৰ সফলতাৰে চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান ৩ অৱতৰণ কৰাবলৈ সক্ষম হব বুলি আশাবাদী হৈ পৰিছে দেশবাসী । সেয়েহে ইছৰোৱে সামাজিক মাধ্যমৰ জৰিয়তে জনাই আছে চন্দ্ৰযান ৩ ৰ অৱস্থানৰ প্রতিমুহুৰ্তৰ খবৰ ।
ইছৰোৱে জানিবলৈ দিয়ামতে মুল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পাছত মন্থৰ হৈ পৰিছে চন্দ্ৰযান ৩ ৰ গতি । দেওবাৰে দ্বিতীয়বাৰৰ বাবে হ্ৰাস পায় চন্দ্ৰযান ৩ ৰ গতি । চৰাইৰ পাখিৰ দৰে কোমল ভাবে জোনবাইৰ বুকুত অবতৰণৰ বাব সাজু হৈছে চন্দ্ৰযান ৩ ।
ইতিহাস সৃষ্টিৰ দুৱাৰদলিত উপনীত হৈছে ভাৰত । সকলো থিকেই থাকিলছ বুধবাৰে সন্ধিয়া চন্দ্ৰযান ৩ য়ে অবতৰণ কৰিব জোনবাইত । চন্দ্ৰযান ৩ তকৈ পূৰ্বে ৰাছিয়াই চন্দ্ৰৰ দক্ষিণমেৰুত অৱতৰণ কৰাৰ যি সপোন দেখিছিল সেই সপোন দেওবাৰে ভাঙি চুৰমাৰ হৈ পৰে । ৰাছিয়াৰ মহাকাশযান লুনা ২৫ দুৰ্ঘটনাগ্ৰস্ত হয় চন্দ্ৰত । চন্দ্ৰযান ৩ৰ লেণ্ডাৰ বিক্রম একেবাৰে চন্দ্ৰৰ ওচৰ চাপি গৈছে ।
ইছৰোৱে সদৰি কৰা মতে, অহা ২৩ আগষ্ট বুধবাৰে সন্ধিয়া ৬ : ৪০ ত চন্দ্ৰৰ বুকত অৱতৰণ কৰিব চন্দ্ৰযান ৩ । চন্দ্ৰযান ৩ ৰ লেণ্ডিঙ ইছৰোৰ ৱেবছাইট, ফেচবুক আৰু ইউটিউবৰ জৰিয়তে পোনপটীয়া সম্প্ৰচাৰ কৰিব ।
২০১৯ চনৰ বেয়া অভিজ্ঞতাৰ পৰা শিক্ষালৈ এইবাৰ অতি সাৱধানতাৰে আগবাঢ়িছে ইছৰোৰ বিজ্ঞানী সকল । ইতিমধ্যে এক দিঘলীয়া সময় অতিবাহিত কৰি চন্দ্ৰৰ একেবাৰে ওচৰত উপস্থিত হৈছেগৈ লেণ্ডাৰ বিক্রম ।এতিয়ালৈকে চন্দ্ৰৰ দক্ষিণ মেৰুত কোনো মহাকাশযানে অৱতৰণ কৰা নায় । এইক্ষেত্রত আন এক ইতিহাস ৰচিবৰ বাবে সাজু ভাৰত । এতিয়া সমগ্ৰ দেশবাসীৰে অপেক্ষা বুধবাৰৰ সন্ধিয়া ৬ঃ০৪ বজালৈ ।