ISHAN NEWS – Always One Step Ahead of Time…

কভিডৰ পৰা সুস্থ হৈ মৃত্যু হোৱা অধিকাংশৰে বয়স ৪০ – ৬০ বছৰ । ICMR ৰ প্রতিবেদনত নাই কভিড ভেকচিনৰ বাবে মৃত্যু হোৱাৰ তথ্য ।

0 1,073

Covid ৰ পৰা সুস্থ হৈ উঠাৰ এবছৰৰ ভিতৰত মৃত্যু হোৱা অধিকাংশ লোকৰে বয়স ৪০ পৰা ৬০ বছৰৰ ভিতৰত । ইয়াৰ ভিতৰত কিছু সংখ্যকৰ বয়স ৬০ বছৰৰ ওপৰৰ বুলি প্রকাশ কৰিছে স্বাস্থ্য মন্ত্ৰালয়ে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে চলোৱা এক অধ্যয়নত ক’ৰ’নাত আক্ৰান্ত হোৱাৰ এবছৰৰ ভিতৰত মৃত্যু হোৱা অধিকাংশ লোকেই দীৰ্ঘদিন ধৰি ‘ক্ৰনিক ক’ম’ৰবিডিটি’ ত আক্রান্ত হৈছিল ।
স্বাস্থ্য মন্ত্রালয়ৰ এই তথ্য চৰ্চালৈ অহাৰ পিছতে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই আইচিএমআৰক এই সন্দৰ্ভত গৱেষণা কৰিবলৈ নিৰ্দেশ দিছিল।
২০২০ চনৰ ছেপ্টেম্বৰৰ পৰা চলিত বৰ্ষৰ ফেব্ৰুৱাৰীলৈকে দেশৰ ৩১খন চিকিৎসালয়ৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত আই চি এম আৰ এ প্রস্তুত কৰা গৱেষণাৰ প্ৰতিবেদন ‘ইণ্ডিয়ান জাৰ্নেল অৱ মেডিকেল ছায়েন্স’ত প্ৰকাশ পাইছে। গৱেষকসকলে কভিডত আক্রান্ত হৈ সুস্থ হৈ উঠা ১৪,৪১৯ গৰাকী ৰোগীৰ সৈতে কথা পাতি এই প্রতিবেদন প্রস্তুত কৰিছে । এই গৱেষণাত প্রকাশ পোৱা তথ্যমতে চিকিৎসালয়ৰ পৰা আৰোগ্য হৈ ঘৰলৈ উভতি যোৱা ৯৪২ জন লোকৰ চাৰি সপ্তাহৰ পৰা এবছৰৰ ভিতৰত মৃত্যু হয়। ইয়াৰে ৩৩১ জন লোকৰ বয়স ৪০ ৰ পৰা ৫৯ বছৰ ভিতৰত । আনহাতে ৪৭৩ জন লোকৰ বয়স ৬০ বছৰৰ ওপৰত। ইয়াৰে ৭৩ শতাংশ ব্যক্তি আন আন ৰোগত আক্রান্ত হৈ আছিল ।

এই গৱেষণাত মৃত্যু হোৱাসকলৰ তথ্যত পুৰুষৰ মৃত্যুৰ হাৰ মহিলাতকৈ প্ৰায় দুগুণ বেছি বুলি উল্লেখ কৰিছে । মৃত্যু হোৱাসকলৰ ভিতৰত ৬১৬ জন পুৰুষ আৰু বাকী সকল মহিলা। কিন্তু যিসকলে কৰ’না ভাইৰাছত আক্রান্ত হোৱাৰ পূৰ্বে কমেও এটা ড’জ ভেকচিন গ্ৰহণ কৰিছিল তেওঁলোকৰ মৃত্যুৰ সম্ভাৱনা ৬০ শতাংশ হ্ৰাস পাইছিল বুলি উল্লেখ কৰিছে প্রতিবেদন খনত । যি সকল ব্যক্তি কেন্সাৰ, উচ্চ ৰক্তচাপ, ডায়েবেটিছ, বা দীৰ্ঘদিনীয়া বৃক্ক আৰু যকৃতৰ সমস্যাত ভুগি আছিল তেওঁলোকৰ মৃত্যুৰ হাৰ অধিক বুলি উল্লেখ কৰিছে প্রতিবেদন খনত । কভিডত আক্রান্ত লোক সকল সুস্থ হৈ উঠাৰ পাছতো কৰ’না ভাইৰাছে সেই সকল আক্রান্ত লোকৰ শৰীৰত কৰা ক্ষতিৰ পৰিমাণ যথেষ্ট বৃদ্ধি পোৱাৰ বাবে , স্বাভাৱিক জীৱনলৈ ঘূৰি অহাটো কঠিন হৈ পৰিছিল ।
এই গৱেষণামুলক সমীক্ষাৰ যিখন প্ৰতিবেদন প্রকাশ পাইছিল সেইখন প্রতিবেদনত অন্তৰ্ভুক্ত নহল আন বহুবোৰ গুৰুত্পূৰ্ণ তথ্য । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে এই সমীক্ষাত অংশগ্ৰহণ কৰা ব্যক্তি সকলৰ সৈতে ফোন যোগে কথা পাতিহে সমীক্ষক সকলে বিভিন্ন তথ্য সংগ্ৰহ কৰিছিল । সেয়েহে তথ্য সংগ্ৰহৰ ক্ষেত্রত গৱেষক সকল বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল বুলি অভিযোগ উণ্থাপন কৰিছে বিভিন্নজনে । এই প্রতিবেদনত কেৱল চিকিৎসালয়ত ভৰ্তি হোৱাসকলৰ সৈতে কথা পাতি প্ৰতিবেদন চূড়ান্ত কৰা বুলি এই গৱেষণাৰ লগত জড়িত একাংশ ব্যক্তিয়ে উল্লেখ কৰিছে । লগতে গুৰুতৰভাৱে আক্ৰান্ত হৈ ঘৰতে সুস্থ হৈ উঠা লোকসকলৰ সৈতে এই ক্ষেত্রত কোনো ধৰণৰ সুযুগ নোপোৱাৰ কথাও উল্লেখ কৰিছে ।।

Leave A Reply

Your email address will not be published.