ISHAN NEWS – Always One Step Ahead of Time…

এখন দেশ এক নিৰ্বাচন। সাজু কেন্দ্ৰীয় চৰকাৰ।কি কয় মোদী চৰকাৰ আৰু বিৰোধীয়ে ।

0 2,700

কেন্দ্ৰীয় চৰকাৰে ‘এখন দেশ এক নিৰ্বাচন’ নীতি ৰূপায়ণৰ বাবে দ্ৰুতগতিত প্রস্তুতি চলাইছে । ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাব শাসকীয় চৰকাৰ ইতিমধ্যে কেবাবাৰো আলোচনাত মিলিত হৈছে। মোডী চৰকাৰে ‘এখন দেশ, এক নিৰ্বাচন’ নীতি কেনেকৈ ৰূপায়ণ কৰিব পাৰি সেই দিশ বিচাৰি উলিয়াবলৈ এখন কমিটি গঠন কৰিছে। এখন দেশ এক নিৰ্বাচন নীতি প্ৰস্তুত কৰিবৰ বাবে চৰকাৰে গঠন কৰা কমিটি খনৰ অধ্যক্ষৰ দায়িত্বত আছে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ।
কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুনৰাম মেঘৱালে সংসদৰ বৰ্ষাকালীন অধিবেশনৰ সময়ত ৰাজ্যসভাত , কেন্দ্ৰই ‘এখন দেশ এক নিৰ্বাচন’ নীতি প্ৰৱৰ্তনৰ বাবে আইন মন্ত্রালয়ৰ কাষ চপাৰ কথা উল্লেখ কৰিছিল।‘ এখন দেশ এক নিৰ্বাচনৰ’ জৰিয়তে চৰকাৰৰ বিপুল পৰিমাণৰ ধন ৰাহি হ’ব, সেই ধন ৰাজনৈতিক দলৰ প্ৰাৰ্থীৰ প্ৰচাৰত ব্যয় কৰিব পৰা যাব বুলিও মন্ত্রী গৰাকীয়ে উল্লেখ কৰিছিল । এই নীতি ৰূপায়ণ হ’লে দেশৰ উন্নয়নমূলক কামকাজৰ গতিও বৃদ্ধি পাব বুলি উল্লেখ কৰে । এতিয়া দেশত ইউনিফৰ্ম চিভিল কোডৰ লগতে ‘এখন দেশ এক নিৰ্বাচন’ বিধেয়ক গৃহীত হ’ব পাৰে বুলি জনসাধাৰণৰ মাজত সৃষ্টি হৈছে ব্যাপক জল্পনা-কল্পনা । দেশৰ প্রাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ নেতৃত্বত গঠিত কমিটিখনে সংসদৰ বিশেষ অধিবেশনত নিজেই প্ৰতিবেদন দাখিল কৰিব পাৰে।
দেশত লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ সকলো ৰাজ্যতে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ আঁৰত মোডী চৰকাৰে আগবঢ়োৱা অন্যতম যুক্তি হ’ল এখধ দেশ এক নিৰ্বাচনৰ ফলত দেশৰ নিৰ্বাচনৰ ব্যয় হ্ৰাস পাব। যিহেতু এখন ভোটাৰ তালিকাত দুটাকৈ নিৰ্বাচন থাকিব , ইয়াৰ ফলত চৰকাৰী কৰ্মচাৰীৰ কামৰ বোজা কমি যাব। নিৰ্বাচনৰ আচৰণ বিধিৰ বাবে চৰকাৰৰ উন্নয়নমূলক কামকাজৰ বাবে বাৰে বাৰে অহা বাধা নাথাকিব। কেন্দ্রই দাবী কৰা মতে , নীতি আয়োগ, আইন মন্ত্রণালয়, নির্বাচন আয়োগেও চৰকাৰ এই ধাৰণাক নীতিগত ভাবে সমর্থন আগবঢ়াইছে ৷ উল্লেখযোগ্য যে, ২০১৪ চনত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পিছত নৰেন্দ্ৰ মোদীয়ে ‘এখন দেশ এক নিৰ্বাচনৰ ’ৰ বিষয়ে বিভিন্ন ৰাজহুৱাকৈ মন্তব্য আগবঢ়াইছিল।
মোদী চৰকাৰৰ ‘এখন দেশ এক নিৰ্বাচন’ ব্যৱস্থাক বিৰোধীয়ে আৰম্ভণিৰে পৰাই সমালোচনা কৰি আহিছে। মুম্বাইত অনুষ্ঠিত “I.N.D.I.A”ৰ বৈঠকতো বিৰোধী দলৰ নেতাসকলে এই সন্দৰ্ভত বক্তব্য আগবঢ়াইছিল । বিৰোধীৰ মতে , মোদী চৰকাৰে দেশত “এখন দেশ এক নিৰ্বাচন” এই নীতিৰ জৰিয়তে দেশৰ নিৰ্বাচনলৈ ব্যাপক পৰিৱৰ্তন অনিবলৈ বিচাৰিছে ।চৰকাৰে দেশৰ নিৰ্বাচন ব্যৱস্থাক আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ব্যৱস্থাৰ দৰে কৰিবলৈ চেষ্টা চলাইছে। বিৰোধী নেতৃত্বই ফেডাৰেল গাঁথনি, সংসদীয় গণতান্ত্ৰিক চিন্তাধাৰাৰ বিৰোধী বুলিও অভিযোগ উত্থাপন কৰে।
একাংশ ৰাজনৈতিক বিশ্লেষকৰ মতে বিজেপিয়ে এক নিৰ্দিষ্ট ৰাজনৈতিক কৌশল সন্মুখত ৰাখি ‘এখন দেশ এক নিৰ্বাচন’ ব্যৱস্থা ৰূপায়ণ কৰিব বিচাৰিছে। বিজেপি অৰ্থাৎ চৰকাৰৰ এই ক্ষেত্রত উদ্দেশ্য হৈছে ‘এখন দেশ এক নিৰ্বাচন’ নীতিৰ অধীনত লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’লে বিৰোধী দলসমূহে আসনৰ সৈতে আপোচ কৰাত সহজ হ’ব। কিন্তু একে সময়তে যদি বিধানসভাৰ ভোটসমূহ একত্ৰিত কৰিব পৰা যায়, তেন্তে কংগ্ৰেছৰ সৈতে আঞ্চলিক দলসমূহৰ মাজত সংঘাত সৃষ্টি হোৱাৰ সম্ভাৱনা আছে । বিৰোধীৰ আন একাংশৰ আশংকা পঞ্চায়ত-পৌৰসভাৰ নিৰ্বাচনো এই প্ৰক্ৰিয়াত অন্তৰ্ভুক্ত হ’ব । চৰকাৰে এই নীতি প্রয়োগ কৰি ৰাজ্যিক নিৰ্বাচন আয়োগসমূহক কাৰ্যকৰীভাৱে অক্ষম কৰি তুলিব ।
‘এখন দেশ, এক নিৰ্বাচন ’ ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ সংবিধানৰ কেইবাটাও অনুচ্ছেদ সলনি কৰিব লাগিব। ৮৩ নং অনুচ্ছেদত সংসদৰ দুটা সদনৰ কাৰ্যকালৰ কথা উল্লেখ আছে। ৮৫ নং অনুচ্ছেদত লোকসভা ভংগৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ১৭২ নম্বৰত ৰাজ্যিক বিধানসভাৰ কাৰ্যকালৰ বিষয়ে আলোচনা কৰা হৈছে। ১৭৪ নং অনুচ্ছেদত বিধানসভা ভংগ কৰাৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে। ইয়াৰ বাহিৰেও ৰাষ্ট্ৰপতি শাসন আৰু ভাৰতীয় জনপ্ৰতিনিধিত্ব আইনৰ বিষয়েও উল্লেখ আছে । ১৯৫১ৰ ৩৫৬ নং অনুচ্ছেদতো সংবিধানৰ কিছু সংশোধনীৰ প্ৰয়োজন হ’ব পাৰে। দেশৰ সাধাৰণ নিৰ্বাচনলৈ মাজত মাত্র কেইটামান মাহ বাকী থকা সময়ত চৰকাৰ আগবাঢ়িছে দেশৰ নিৰ্বাচনৰ ক্ষেত্রত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণৰ দিশে ।

Leave A Reply

Your email address will not be published.