ISHAN NEWS – Always One Step Ahead of Time…

মাত্ৰ ১০০ টকাত বিক্ৰী ৬.৬ কোটি টকা মূল্যৰ ফ্লেট; কাৰণ জানি হ’ব আচৰিত

0 4,590

পৃথিৱীৰ বহু লোকৰ বাবে ঘৰ কিনাৰ সপোন মাথোঁ সপোন হৈয়েই থাকে। কেৱল ভাৰততে নহয়, বিশ্বৰ চুকে-কোণে আকাশলংঘী হৈছে সম্পত্তিৰ মূল্য। কিন্তু এই খবৰটো পঢ়ি আপুনি হ’ব আচৰিত।


ব্ৰিটেইনত কোটি কোটি টকা মূল্যৰ ফ্লেট বিক্ৰী হৈছে মাত্ৰ ১০০ টকাত। এই কথা বিশ্বাস কৰিবলৈ টান যদিও প্ৰকৃততে এইটো এটা সঁচা ঘটনা।
ডেইলী এক্সপ্ৰেছৰ প্ৰতিবেদন অনুসৰি, ব্ৰিটেইনত ৬.৬ কোটি টকাৰ দামী ফ্লেট মাত্ৰ ১০০ টকাত বিক্ৰী কৰা হৈছে। এই প্ৰচেষ্টা সুলভ মূল্যৰ গৃহ নিৰ্মাণক উৎসাহিত কৰিবলৈ কৰা হৈছে, যাতে লুই টাউনৰ উচ্চ জীৱন-যাপনৰ খৰচৰ পৰা মানুহক মুক্ত কৰিব পাৰে।
এই প্ৰক্ৰিয়াৰ অংশ হিচাপে কমিউনিটি লেণ্ড ট্ৰাষ্টে মুঠ ১১টা ফ্লেট বিক্ৰী কৰিবলৈ সন্মত হৈছে আৰু এতিয়া এই সম্পত্তিসমূহ নতুনকৈ সজাই তোলাৰ বাবে এক মিলিয়ন পাউণ্ডতকৈ অধিক ধন আগবঢ়াইছে।
কৰ্ণৱাল কাউন্সিলৰ উপ-নেতা ডেভিদ হেৰিছে কয় যে এই ফ্লেটসমূহ মুকলি বজাৰত বিক্ৰী কৰা হোৱা নাছিল। যদি এনেকুৱা হ’লহেঁতেন তেন্তে ইয়াত সুলভ মূল্যৰ গৃহ নিৰ্মাণৰ ব্যৱস্থা উলংঘা হ’লহেঁতেন। এই ঠাইত ঘৰ ভাড়াৰ লগতে মালিকীস্বত্বও দিয়া হয়।

Leave A Reply

Your email address will not be published.