ISHAN NEWS – Always One Step Ahead of Time…

ট্ৰেড মিলত দৌৰি থাকোতেই মৃত্যু ইঞ্জিনিয়াৰিঙৰ প্রথম বৰ্ষৰ ছাত্রৰ । ISHAN NEWS…

0 30,847

কাৰ মৃত্যু কেতিয়া হয় কোনেও নাজানে । সেয়েহে কোৱা হয় মৰনেহে জানে শৰণৰ ঠাই । এই কথাষাৰেই পুণৰ প্রমাণিত হ’ল উত্তৰ প্রদেশৰ গাজিয়াবাদত । শৰীৰ চৰ্চা কৰা এগৰাকী ২১ বছৰীয়া যুৱকে আনদিনাৰ দৰে ট্ৰেডমিলত দৌৰি থকা অবস্থাত হঠাত ট্ৰেডমিলৰ পৰা বাগৰি পৰে আৰু মৃত্যু হয়।হৃদৰোগত আক্ৰান্ত হৈ যুৱকজনৰ মৃত্যু হোৱাৰ কথা সদৰি কৰে চিকিৎসকে ।

এই দুখজনক ঘটনাটো সংঘটিত হোৱা দহ মিনিট আগতে, যুৱকজনে মাকৰ সৈতে ফোনত কথা পাতিছিল।
উত্তৰ প্রদেশৰ গাজিয়াবাদৰ এটা ব্যায়ামাগাৰত ট্ৰেডমিলত দৌৰি থকাৰ সময়তে সিদ্ধাৰ্থ নামৰ যুৱকজনৰ মৃত্যু হয়। জিমৰ চি চি টিভিৰ ফুটেজত দেখিবলৈ পোৱা গৈছিল ট্ৰেডমিলত দৌৰি থাকোঁতে, যুৱকজন হঠাতে ৰৈ গৈছিল আৰু কিছুসময়ৰ পাছতে যুৱকজন ট্ৰেডমিলৰ পৰা পৰি গৈছিল। সেইসময়ত জিমত ব্যায়াম কৰি থকা আন লোকসকলে ততাতৈয়াকৈ সিদ্ধাৰ্থক লৈ যায় চিকিৎসালয়লৈ । চিকিঃসালয়ত , চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। চিকিৎসৰ মতে হৃদৰোগত আক্রান্ত হৈয়েই সিদ্ধাৰ্থৰ মৃত্যু হয় ।

গাজিয়াবাদৰ সৰস্বতী বিহাৰৰ বাসিন্দা সিদ্ধাৰ্থ অভিযান্ত্রিক প্ৰথম বৰ্ষৰ ছাত্র আছিল ।

Leave A Reply

Your email address will not be published.