বিশ্বকাপৰ পূৰ্বে মোক্ষম আঘাত; দুগৰাকী খেলুৱৈৰ আঘাতৰ বাবে সমস্যাত এইটো দল
৫ অক্টোবৰৰ পৰা ভাৰতৰ ভূমিত আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ক্ৰিকেটৰ এই মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে নিজৰ খেলুৱৈৰ ফিটনেছৰ প্ৰতিও বিশেষ যত্ন লৈছে।
কিন্তু এই সন্মানীয় প্ৰতিযোগিতাখনৰ পূৰ্বে এটা দলৰ বাবে আহিছে বেয়া খবৰ। দলটোৰ দুগৰাকী তাৰকা ক্ৰিকেটাৰ আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ আহিছে।
আঘাতৰ প্ৰতি লক্ষ্য ৰাখি এই দুগৰাকী খেলুৱৈয়ে প্ৰতিযোগিতাখনত অংশ ল’ব নোৱাৰিব বুলি আশংকা কৰা হৈছে।
আঘাতপ্ৰাপ্ত খেলুৱৈ দুগৰাকী হ’ল দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ এনৰিক নকিয়া আৰু চিছাণ্ডা মাগালা। চলিত সপ্তাহতে দুয়োৰে ফিটনেছ টেষ্ট কৰা হ’ব আৰু তাৰ পিছতেই স্পষ্ট হৈ পৰিব খেলুৱৈ দুগৰাকীয়ে বিশ্বকাপত অংশ ল’ব পাৰিবনে নাই।
দুয়োকে বিশ্বকাপৰ বাবে দক্ষিণ আফ্ৰিকাৰ ১৫ জনীয়া দলত অন্তৰ্ভুক্ত কৰা হৈছে যদিও শেহতীয়াকৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখন খেলৰ শৃংখলাত দুয়োগৰাকীয়ে মাত্ৰ এখনকৈহে মেচ খেলিব পাৰিছিল।
পিঠিৰ আঘাতত এনৰিক নকিয়া আৰু বাওঁ আঁঠুৰ আঘাতত ভুগি আছে চিছাণ্ডা মাগালা।
উল্লেখ্য যে, অহা ২৩ ছেপ্টেম্বৰত ভাৰতলৈ ৰাওনা হ’ব দক্ষিণ আফ্ৰিকাৰ দলটো। তাৰ পূৰ্বেই খেলুৱৈ দুগৰাকীৰ উপলব্ধতাৰ বিষয়ে সিদ্ধান্ত লোৱা হ’ব।