২২ ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছে।
প্ৰথম দুখন মেচৰ বাবে দলটোৰ নেতৃত্ব কে এল ৰাহুলৰ হাতত থাকিব। ইফালে দীৰ্ঘদিনৰ মূৰত দললৈ প্ৰত্যাৱৰ্তন ঘটিছে আৰ অশ্বিনৰ।
অৱশ্যে তৃতীয় তথা অন্তিম এদিনীয়া মেচৰ বাবে দললৈ ঘূৰি আহিব ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু হাৰ্দিক পাণ্ডিয়া।
প্ৰথম দুখন এদিনীয়া মেচৰ বাবে দল
কে এল ৰাহুল (অধিনায়ক), শুভমন গিল, ৰুতুৰাজ গাইকৱাড, শ্ৰেয়াছ আয়েৰ, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাডেজা (উপ অধিনায়ক), চাৰ্দুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, জছপ্ৰীত বুমৰাহ, তিলক ভাৰ্মা, প্ৰসিদ্ধ কৃষ্ণ, আৰ অশ্বিন আৰু ৱাশ্বিংটন সুন্দৰ।
তৃতীয় এদিনীয়াৰ বাবে দল
ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়েৰ, কে এল ৰাহুল, ঈশান কিষাণ, সূৰ্য্যকুমাৰ যাদৱ, ৰবীন্দ্ৰ জাদেজা, হাৰ্দিক পাণ্ডিয়া (উপ অধিনায়ক), চাৰ্দুল ঠাকুৰ, মহম্মদ ছামি, মহম্মদ ছিৰাজ, , কুলদীপ যাদৱ, আৰ অশ্বিন, ৱাশ্বিংটন সুন্দৰ।