ISHAN NEWS – Always One Step Ahead of Time…

টিপঙৰ অবৈধ কয়লা খনিত পুনৰ দুজন শ্ৰমিকৰ মৃত্যু

0 772

অবৈধ কয়লা খনিত পুনৰ শ্ৰমিকৰ মৃত্যু। এইবাৰ টিপঙৰ চালি অঞ্চলৰ অবৈধ কয়লা ৰেট হ’ল মাইনিঙত গেছ নিৰ্গত হৈ মৃত্যুক আঁকোৱালি ল’লে দুজন শ্ৰমিকে।

এই ঘটনাত আন এজন শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
আজি পুৱাৰ ভাগত সংঘটিত এই দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিক দুজনক বিক্ৰম আৰু জনৈক জয়ছোৱাল বুলি চিনাক্ত কৰা হৈছে।
অবৈধ কয়লা খাদানটোত কৰ্মৰত অৱস্থাত মৃত্যু হোৱা শ্ৰমিক দুজনৰ মৃতদেহ পাহাৰৰ কোনো অজ্ঞাত স্থানত লুকুৱাই ৰখাৰ সন্দেহ কৰা হৈছে।

পুৱাৰ ভাগতে সংঘটিত হোৱা এই দুৰ্ঘটনাত লেখাপানী আৰক্ষী আৰু বন বিভাগৰ দলে বৰ্তমান পৰ্যন্ত তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ তৎপৰতা নেদেখুওৱাৰ অভিযোগ উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.