ISHAN NEWS – Always One Step Ahead of Time…

কানাডাত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ভাৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা; এইবোৰ অঞ্চললৈ নোযোৱাৰ পৰামৰ্শ

0 4,973

ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ পিছতে ভাৰত চৰকাৰে কানাডাত অধ্যয়ণৰত ভাৰতীয় শিক্ষাৰ্থীৰ লগতে নাগৰিকৰ বাবে পৰামৰ্শ জাৰি কৰিছে।

এই পৰামৰ্শত ভাৰতে কানাডাত বসবাস কৰা নাগৰিকসকলক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সজাগ হ’বলৈ কোৱা হৈছে।

খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰক হত্যাক লৈ সৃষ্টি হোৱা দুয়োখন দেশৰ মাজৰ অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত কানাডা চৰকাৰে ভাৰতত বাস কৰা নাগৰিকসকলৰ বাবে একেধৰণৰ পৰামৰ্শ জাৰি কৰাৰ এদিন পিছতে ভাৰতেও এই পৰামৰ্শ প্ৰদান কৰে।

উল্লেখ্য যে ২০২৩ বৰ্ষত কানাডাত চাৰি লাখতকৈ অধিক ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল, ইয়াৰে ৪০ শতাংশতকৈ অধিক ভাৰতীয়। ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ পিছতে দ্বিতীয় স্থানত আছে নাইজেৰিয়ান ছাত্ৰ-ছাত্ৰী।

পৰামৰ্শদাতাত কি আছে

অপ্ৰয়োজনীয় ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান।

ভ্ৰমণৰ সময়ত ছাত্ৰ-ছাত্ৰীসকলে সুৰক্ষাৰ প্ৰতি বিশেষ গুৰুত্ব দিব লাগে।

যিবোৰ অঞ্চলত পূৰ্বে খালিস্তানীসকলে ভাৰতৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰিছিল, সেইবোৰ অঞ্চললৈ যোৱাৰ পৰা বিৰত থাকক।

ভাৰতীয় প্ৰতিষ্ঠানক লক্ষ্য কৰি লোৱা ঠাইবোৰ ভ্ৰমণৰ পৰা বিৰত থাকক।

ভাৰতীয় নাগৰিক আৰু ছাত্ৰ-ছাত্ৰীসকলে অট’ৱা উচ্চায়ুক্তৰ লগতে টৰন্টো আৰু ভেংকুৱাৰ কনছুলেটত পঞ্জীয়ন কৰক।

madad.gov.in ত পঞ্জীয়নৰ ব্যৱস্থা আছে।

পঞ্জীয়নৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী, নাগৰিক আৰু উচ্চায়ুক্তই ইজনে সিজনৰ সৈতে যোগাযোগত থাকিব।

উল্লেখ্য যে, খালিস্তানী সন্ত্ৰাসবাদী হৰদীপ সিং নিজ্জাৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ সংস্থা জড়িত থকা বুলি কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে অভিযোগ তুলি এজন ভাৰতীয় কূটনীতিবিদক বহিষ্কাৰ কৰিছিল।

কানাডাৰ এই হঠকাৰী সিদ্ধান্তক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰ সমালোচনা কৰাৰ লগতে ভাৰতত থকা কানাডাৰ ৰাষ্ট্ৰদূতকো পাঁচ দিনৰ ভিতৰত ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়ে।

এই ঘটনাক লৈয়ে দুয়োখন দেশৰ মাজৰ কূটনৈতিক সম্পৰ্ক অধিক অৱনতি ঘটিবলৈ আৰম্ভ হয়।

Leave A Reply

Your email address will not be published.