ISHAN NEWS – Always One Step Ahead of Time…

মোহালী এদিনীয়া মেচৰ পূৰ্বে অনুৰাগীৰ বাবে বেয়া খবৰ; একেলগে বাহিৰ হ’ল দুগৰাকী খেলুৱৈ

0 9,287

২২ ছেপ্তেম্বৰ অৰ্থাত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখন মেচৰ এদিনীয়া শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ দুপৰীয়া ১.৩০ বজাৰ পৰা মোহালীত অনুষ্ঠিত হ’ব।

কিন্তু শৃংখলাৰ প্ৰথম মেচখনৰ পূৰ্বে অনুৰাগীৰ বাবে আহিল এটা বেয়া খবৰ। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক আৰু বিস্ফোৰক অলৰাউণ্ডাৰ গ্লেন মেক্সৱেল প্ৰথম এদিনীয়াত অংশ নলয়। দলৰ অধিনায়ক পেট কামিন্সে সংবাদমেলৰ জৰিয়তে এই কথা জনায়।

সংবাদমেলত কামিন্সে কয়, ‘শুকুৰবাৰৰ মেচখনত মিচেল ষ্টাৰ্ক আৰু গ্লেন মেক্সৱেলে খেলিব নোৱাৰিব। অৱশ্যে দললৈ প্ৰত্যাৱৰ্তন ঘটিছে ষ্টিভ স্মিথৰ।’

নিজৰ আঘাত সন্দৰ্ভত মন্তব্য কৰি অষ্ট্ৰেলিয়াৰ অধিনায়ক পেট কামিন্সে কয়, ‘মই এতিয়া সুস্থ হৈ উঠিছো। তিনিওখন মেচ খেলিব পাৰিম বুলি আশা কৰিছো। কাইলৈ ​​ষ্টাৰ্কে খেলিব নোৱাৰিব, আশা কৰো তেওঁ শৃংখলাৰ পৰৱৰ্তী দুখন মেচত ভাল বলিং কৰিব, মেক্সৱেলৰ ক্ষেত্ৰতো একেই। আমি ভাৰসাম্য ৰক্ষা কৰিবলৈ চেষ্টা কৰিছো কাৰণ কেইসপ্তাহমানৰ পিছত আছে বিশ্বকাপ।‘

উল্লেখ্য যে বিশ্বকাপৰ পূৰ্বে তিনিখন মেচৰ এই এদিনীয়া শৃংখলাটো ভাৰত আৰু অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

Leave A Reply

Your email address will not be published.