ISHAN NEWS – Always One Step Ahead of Time…

ভাৰত আৰু কানাডাৰ কূটনৈতিক সম্পৰ্ক দীৰ্ঘদিনৰ বাবে বিঘ্নিত হ’লে ভাৰত কি কি ক্ষতিৰ সন্মুখীন হ’ব? ISHAN NEWS…

0 211

ভাৰত আৰু কানাডাৰ মাজত চলি থকা উত্তেজনাই দুয়োখন দেশৰ অৰ্থনীতিত ব্যাপক প্ৰভাৱ পেলাব । কানাডাৰ পৰা ভাৰতলৈ প্রতিবছৰে যথেষ্ট সংখ্যক পৰ্যটকৰ আগমন ঘটে । সেইদৰে ভাৰতে বিভিন্ন সামগ্ৰীও ক্রয় কৰে কানাডাৰ পৰা ।

ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্কত ফাঁট মেলাৰ ফলত ভাৰতৰ পৰ্যটন খণ্ডত ব্যাপক প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে । বিগত বৰ্ষৰ পৰিসংখ্যা মতে প্ৰতি বছৰে কানাডাৰ পৰা ২৫-৩০ হাজাৰ পৰ্যটক ভাৰতলৈ আহে কেৱল কেৰালা ভ্ৰমণ কৰিবলৈ। কেৰালাৰ পৰ্যটন বিভাগৰ তথ্য মতে, কেৰালাৰ পৰ্যটন ক্ষেত্রলৈ অৰিহনা আগবঢ়োৱা ১০খন দেশৰ ভিতৰত অন্যতম কানাডা।

পৰ্যটন বিভাগৰ ২০২৩ বৰ্ষৰ তথ্য মতে, যোৱা বছৰ ভাৰতৰ পৰ্যটন খণ্ডলৈ অৰিহণা আগবঢ়োৱা ৪.৪৮শতাংশ পৰ্যটক কানাডাৰ আছিল। সেইদৰে ২০২২ বৰ্ষত , কানাডাৰ পৰা ভাৰত ভ্রমণলৈ আহিছিল ২ লাখ ৭৭ হাজাৰ পৰ্যটক । এই সময়ছোৱাত কানাডাৰ পৰা ভাৰতলৈ অহা পৰ্যটক সকলে ভাৰতত প্ৰায় ২৫.৯ বিলিয়ন ডলাৰ অৰ্থাৎ দুই লাখ দুই হাজাৰ কোটি টকা ব্যয় কৰিছিল।

কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে “খালিস্তানি সন্ত্ৰাসবাদী” হৰদীপ সিং নিজ্জাৰৰ হত্যাত ভাৰত “জড়িত” বুলি দাবী কৰাৰ পিছৰে পৰা দুয়োখন দেশৰ মাজৰ সম্পৰ্কত ব্যাপক প্রভাৱ পৰিছে । ভাৰতৰ প্রতি কানাডাই এই অভিযোগ উণ্থাপন কৰাৰ লগতে এগৰাকী শীৰ্ষ ভাৰতীয় কূটনীতিবিদক কানাডাৰ পৰা বহিষ্কাৰ কৰে। ইফালে, ভাৰত চৰকাৰেও কানাডিয়ান চৰকাৰে ভাৰতৰ বিৰুদ্ধে উণ্থাপন কৰা অভিযোগসমূহ সম্পূৰ্ণৰূপে নাকচ কৰাৰ লগতে ভাৰতত থকা এগৰাকী জ্যেষ্ঠ কানাডিয়ান কূটনীতিবিদক ভাৰতৰ পৰা বহিস্কাৰ কৰে ।

ভাৰতে কানাডাৰ পৰা নিউজপ্ৰিণ্ট, কয়লা, সাৰ, মাহজাতীয় শস্য, পটাছ, কাঠ, খনন সামগ্ৰী আৰু এলুমিনিয়ামৰ বিভিন্ন সামগ্ৰী আমদানি কৰে। ভাৰতে কানাডাৰ পৰা আটাইতকৈ বেছিকৈ আমদানী কৰে মাহজাতীয় শস্য । ভাৰত কানাডাৰ সম্পৰ্ক অৱনতি হোৱাৰ পাছত কানাডাৰ পৰা বিভিন্ন সামগ্ৰী ক্রয় কৰাৰ ক্ষেত্রত অসুবিধাৰ সন্মুখীন হব ভাৰত ।

ভাৰত আৰু কনাডাৰ মাজৰ সম্পৰ্ক অৱনতি হ’লে কানাডাৰ ওপৰতো ব্যাপক প্ৰভাৱ পৰিব । তথ্য অনুসৰি, ২০২২ চনত, ভাৰতে কানাডাৰ পৰা আটাইতকৈ বেছি খাৰুৱা তেল আৰু এনেধৰণৰ সামগ্ৰী ক্ৰয় কৰিছে। এই সময়ছোৱাত, ভাৰতে কানাডাৰ পৰা প্ৰায় ১০ হাজাৰ কোটি টকাৰ তেল ক্ৰয় কৰিছে। ইয়াৰ পাছত, অন্যান্য সামগ্ৰীৰ বিষয়ে ক’লে, ভাৰতে কানাডাৰ পৰা আটাইতকৈ বেছি সাৰ, কাঠৰ মণ্ড আৰু উদ্ভিদৰ আঁহ ক্ৰয় কৰিছিল। ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্ক বিঘ্নিত হ‘লে দুয়োখন দেশৰে ব্যাপক ক্ষতি সাধন হব ।

Leave A Reply

Your email address will not be published.