ISHAN NEWS – Always One Step Ahead of Time…

৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি ২০০০ টকীয়া নোট সলনি নকৰে তেতিয়া কি হ’ব?

0 207

অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত আপোনাৰ হাতত জমা থকা ২০০০ টকাৰ নোট আপুনি সলনি কৰিব পাৰিব । ৩০ ছেপ্টেম্বৰৰ ভিতৰত যদি আপুনি ২০০০ টকাৰ নোট সলনি নকৰে তেতিয়া সেই নোটক অবৈধ বুলি ঘোষণা কৰিব নেকি ? যদি আপুনি ৩০ ছেপ্টেম্বৰৰ ভিতৰত নোটবোৰ সলনি নকৰে তেতিয়া কি হ’ব?

ৰিজাৰ্ভ বেংকে জাৰি কৰা নিৰ্দেশনা মতে , অহা ৩০ ছেপ্টেম্বৰৰ পাছতো , লেনদেনৰ বাবে আপুনি ২০০০ টকাৰ নোট ব্যৱহাৰ কৰিব পাৰিব । অৱশ্যে, ২০০০ টকীয়া নোট ব্যৱহাৰৰ লগতে আপোনাৰ বাবে থাকিব এক পৰামৰ্শ , “২০০০ টকীয়া নোট বেংকত জমা কৰক বা সেইবোৰ সলনি কৰক”।

আপুনি আপোনাৰ ওচৰৰ যিকোনো বেংকৰ শাখালৈ গৈ ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব। ৰিজাৰ্ভ বেংকৰ ১৯ টা আঞ্চলিক কাৰ্যালয়তো ২০০০ টকীয়া নোট আপুনি সহজেই সলনি কৰিব পাৰিব। আপুনি বেংকত ২০০০ টকীয়া নোট সলনি কৰিবলৈ কোনো ধৰণৰ নথি-পত্র দেখুৱাব নালাগে। ৰিজাৰ্ভ বেঙ্কে এই সন্দৰ্ভত ইতিমধ্যে বেংকসমূহক নিৰ্দেশনা দিছে ।

অৱশ্যে, কিছুমান চৰকাৰী বেঙ্কে ২০০০ টকীয়া নোট জমা কৰাৰ বাবে এক পৃথক পদ্ধতি গ্ৰহণ কৰিছে । তেনে পৰিস্থিতিত আপুনি যদি নোট সলনি কৰিব লগীয়া হয় তেতিয়া আপুনি যিকোনো এটা প্রমাণ ৰাখিব লাগিব । যদি এনে পৰিস্থিতিত ধন ল’বলৈ অস্বীকাৰ কৰে তেতিয়া অভিযোগ দিব পাৰিব ।এবাৰত আপুনি ১০ খন ২০০০ টকীয়া নোট অৰ্থাৎ ২০ হাজাৰ টকা সলনি কৰিব পাৰিব ।
২০০০ টকীয়া নোট সলনি কৰিবলৈ বেংক একাউণ্ট থকাটো প্ৰয়োজনীয় নহয়। বেংক একাউণ্ট অবিহনেও এজন ব্যক্তিয়েও ২০০০ টকীয়া নোট সলনি কৰিব পাৰিব । যদি বেঙ্কৰ শাখা এটাই ২০০০ টকীয়া নোট সলনি কৰিবলৈ অস্বীকাৰ কৰে, তেনেহ’লে আপুনি বেংকৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দিব পাৰিব। বেংকে ৩০ দিনৰ ভিতৰত আপোনাৰ অভিযোগৰ সঁহাৰি দিব লাগিব। যদি বেংকে কোনো সঁহাৰি নিদিয়ে, তেন্তে আপুনি আৰ.বি.আই.-ৰ একত্ৰিত লোকপাল আঁচনিৰ অধীনত সেই বেংকটোৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিব পাৰিব ।
আৰবিআইয়ে ২০২৩ বৰ্ষৰ ১৯ মে তাৰিখে ২০০০ টকীয়া নোট বেংকত জমা দিবলৈ নিৰ্দেশনা জাৰী কৰিছিল । আৰ বি আইয়ে ২০০০ টকীয়া নোট প্রত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল ।

Leave A Reply

Your email address will not be published.