জনসাধাৰণৰ যন্ত্ৰণাৰ প্ৰতি কোনো গুৰুত্ব নাই : চৰকাৰৰ ওপৰত ক্ষোভ উজাৰি মণিপুৰী অভিনেতাৰ বিজেপি ত্যাগ
মণিপুৰৰ প্ৰখ্যাত অভিনেতা ৰাজকুমাৰ সোমেন্দ্ৰ ওৰফে কাইকুৱে বুধবাৰে ভাৰতীয় জনতা পাৰ্টিৰ পৰা পদত্যাগ কৰে। শেহতীয়াকৈ দুগৰাকী কিশোৰ ছাত্ৰ-ছাত্ৰীৰ হত্যাকাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰে।
দুখন কুকী ছবিকে ধৰি ৪০০ৰো অধিক ছবিত অভিনয় কৰা কাইকুৱে বিজেপি নেতৃত্বৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰে। ইফালে দলে তেওঁৰ সিদ্ধান্তক পুনৰ বিবেচনা কৰিবলৈ অনুৰোধ জনায়।
উল্লেখ্য যে, যোৱা লোকসভা নিৰ্বাচনত তেওঁ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল যদিও জয়ী হ’ব পৰা নাছিল। ইয়াৰ পিছত ২০২১ চনৰ নৱেম্বৰ মাহত তেওঁ বিজেপিত যোগদান কৰে।
দল এৰাৰ পিছত তেওঁ সাংবাদিকৰ আগত কয় যে তেওঁৰ অগ্ৰাধিকাৰ “প্ৰথম জনসাধাৰণ আৰু দ্বিতীয় দল” আৰু “মই বিজেপি এৰিবলৈ সিদ্ধান্ত লৈছো”।
অভিনেতাগৰাকীয়ে কয়, ‘এই বিশৃংখলতা সমাধানৰ বাবে চৰকাৰে এতিয়াও সক্ৰিয় পদক্ষেপ গ্ৰহণ নকৰাটো দেখি হতাশাজনক।‘
নিজৰ কথা দাঙি ধৰি তেওঁ কয়, ‘ডাবল ইঞ্জিন চৰকাৰেৰে আমাৰ ৰাজ্যত এক উল্লেখযোগ্য পৰিৱৰ্তন আনিব বুলি ভাবি মই বিজেপিত যোগদান কৰিছিলোঁ। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ অধীনত পৰ্যটনৰ দৰে বিভিন্ন খণ্ডত পৰিৱৰ্তন আনিছিল। মই ভাবিছিলো যে কেন্দ্রীয় নেতাসকলে সাম্প্ৰতিক বিষয়টোৰ ওপৰত ক্ষিপ্ৰ পদক্ষেপ গ্ৰহণ কৰি সংঘাতৰ অন্ত পেলাব, কিন্তু দেখা গৈছে যে তেওঁলোকে জনসাধাৰণৰ যন্ত্ৰণা আৰু দুখ-কষ্টৰ প্ৰতি কোনো গুৰুত্ব নিদিলে।‘
বিজেপি ত্যাগ কৰাৰ পিছতে অভিনেতাগৰাকীয়ে মণিপুৰৰ সকলো শ্ৰেণীৰ লোককে ৰাজ্যখনত শান্তি-শৃংখলা বজাই ৰখাৰ লগতে বৰ্তমানৰ পৰিস্থিতিৰ স্থায়ী সমাধান বিচাৰিবলৈ আহ্বান জনায়।