হেকাৰৰ কবলত কানাডাৰ বায়ুসেনাৰ ৱেবছাইট ।INDIAN CYBER FORCE ৰ বিৰুদ্ধে অভিযোগৰ আঙুলি!
শেহতীয়াকৈ খালিস্তানিক লৈ চলা কূটনৈতিক বিবাদে কানাডা আৰু ভাৰতৰ মাজৰ সম্পৰ্ক বিঘ্নিত কৰিছে । কানাডাৰ বায়ুসেনাৰ অফিছিয়েল ৱেবছাইট হেকাৰৰ কবলত পৰা বাতৰি প্ৰচাৰ হোৱাৰ পাছতেই কানাডাৰ একাংশ সংবাদ মাধ্যমে ভাৰতীয় হেকাৰে চাইবাৰ আক্রমণ সংঘটিত কৰাৰ অভিযোগ উণ্থাপন কৰে । উল্লেখযোগ্য যে টুইটাৰৰ হেণ্ডেলত ইণ্ডিয়ান চাইবাৰ ফ‘ৰ্চ নামৰ এটা হেকাৰ গ্ৰুপে এই কাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে ।
কানাডাৰ বায়ু সেনাৰ ৱেবছাইটৰ তথ্য হেকাৰৰ কবলত পৰা ঘটনাৰ আঁৰত ভাৰতক জগৰীয়া কৰাৰ ঘটনাই আৰু অধিক জটিল কৰি তুলিব পাৰে ভাৰত আৰু কানাডাৰ মাজৰ সম্পৰ্ক । কানাডাৰ ৰাষ্ট্ৰীয় প্রতিৰক্ষা বিভাগৰ জন সম্পৰ্কৰক্ষী বিষয়া ডেনিয়েল লে বুথিলিয়াৰে কয় যে, বৃহস্পতিবাৰে বিয়লি ৱেবছাইটত এই বিসংগতি ধৰা পৰিছে । কানাডাৰ প্রতিৰক্ষা মন্ত্রালয়ৰ বাবে এই আক্রমণ হেকাৰৰ আক্রমণ
ইফালে ভাৰতীয় চাইবাৰ ফৰ্চে টুইটাৰৰ হেণ্ডেলত “কানাডাৰ বায়ুসেনাৰ ৱেবছাইটত আক্রমণ কৰা হৈছে বুলি উল্লেখ কৰিছে । ৱেবছাইটতো দুঘণ্টা বন্ধ হৈ থকা বুলি দাবী কৰি এটা স্ক্রীণশ্বট শ্বেয়াৰ কৰিছে । খালিস্তানী সন্ত্রাসবাদী নিজাৰক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ পাছত কানাডা আৰু ভাৰতৰ মাজৰ কূটনৈতিক সম্পৰ্ক ব্যাহত হৈছে ।