ISHAN NEWS – Always One Step Ahead of Time…

কোচিং চেণ্টাৰৰ বাবে চৰকাৰৰ জৰুৰী নিৰ্দেশনা

0 4,356

কোচিং চেণ্টাৰৰ হাবলৈ পৰিণত হোৱা ৰাজস্থানৰ কোটাত ক্রমান্বয়ে বৃদ্ধি পাইছে আত্মহননৰ ঘটনা ।
কোটাকে ধৰি ৰাজস্থানৰ বিভিন্ন স্থানত চলি থকা কোচিং চেণ্টাৰৰ বাবে গাইডলাইন জাৰি কৰিছে ৰাজস্থান চৰকাৰে।

গাইডলাইন মতে, ছাত্র ছাত্রীক ডেৰ দিনৰ সাপ্তাহিক চুটি দিয়াৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ অনুপাত ৰক্ষা কৰিব লাগিব । এই সন্দৰ্ভত এখন ১৫ জনীয়া সমিতি গঠন কৰিব ৰাজস্থান চৰকাৰে ।

নৱম শ্ৰেণীৰ পূৰ্বে কোচিং চেণ্টাৰত নাম ভৰ্তি কৰিব নোৱাৰিব । শিক্ষাৰ্থী সকলৰ মূল্যায়ণৰ ফলাফলো ৰাজহুৱা কৰিব নোৱাৰিব ।সহজ প্রস্থানৰ লগতে হেল্পলাইনৰ ব্যৱস্থা কৰিব লাগিব ।

কোটাত এই বৰ্ষত সৰ্বাধিক ২৩ জন ছাত্রই আত্মহনন কৰিছে। যোৱা বৰ্ষত ১৫ গৰাকী শিক্ষাৰ্থীয়ে বাচি লৈছিল চৰম পন্থা ।

উল্লেখযোগ্য যে, ৰাজস্থানৰ কোচিং চেণ্টাৰ সমূহে ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনা মানি চলাটো নিশ্চিত কৰিবলৈ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক নিৰ্দেশনা দিয়ে ৰাজ্যখনৰ মুখ্যসচিব গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.