খাৱৈত বাগৰিল পৰ্যটকৰে ভৰা বাছ; ৮জনৰ মৃত্যু, বহু লোক আহত
তামিলনাডুৰ নীলগিৰি পাহাৰীয়া জিলাত শনিবাৰে পৰ্যটকৰে ভৰা এখন বাছ খাৱৈত বাগৰি পৰাত ৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহু লোক আহত হয়।
নিহতসকলৰ ভিতৰত আছে চাৰিগৰাকী মহিলা আৰু এটি শিশু। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে এই দুৰ্ঘটনা সন্দৰ্ভত শোক প্ৰকাশ কৰি মৃতকৰ পৰিয়াললৈ এককালীন আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰে।
মৃত লোকৰ আত্মীয়ক দুই লাখকৈ টকা আৰু গুৰুতৰভাৱে আহত লোকসকলক এক লাখকৈ টকা প্ৰদান কৰিব। আনহাতে সামান্য পৰিমানে আঘাতপ্ৰাপ্ত লোকক ৫০ হাজাৰকৈ টকা প্ৰদান কৰিব।
মৃত লোক কেইজন টেংকাছী জিলাৰ কাদয়মৰ বাসিন্দা। তেওঁলোক ঘৰলৈ উভতি আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।
আৰক্ষীয়ে জনোৱা অনুসৰি, বাছখনৰ চালকজনে নিয়ন্ত্ৰণ হেৰুওৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়।
জানিব পৰা অনুসৰি, দুৰ্ঘটনাটোত আহত হোৱা লোকসকলক কোয়েম্বাটোৰলৈ প্ৰেৰণ কৰা হৈছে।
পৰ্যটন মন্ত্ৰী কে ৰামচন্দ্ৰনক উদ্ধাৰ আৰু সাহায্যৰ কাম নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে।