ISHAN NEWS – Always One Step Ahead of Time…

এটিএম কাৰ্ডৰ নতুন নিয়ম । নতুন নিয়মৰ অধীনত ডেবিট কাৰ্ড আৰু ক্রেডিট কাৰ্ডৰ গ্ৰাহকে কি কি সুবিধা লাভ কৰিব ? ISHAN NEWS…

0 10,963

ভাৰতীয় ৰিজাৰ্ভ বেংকে ডেবিট কাৰ্ড আৰু ক্ৰেডিট কাৰ্ডৰ গ্ৰাহকৰ বাবে নতুন নিয়ম প্ৰৱৰ্তন কৰিছে। পহিলা অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা এই নিয়ম অনুসৰি, গ্ৰাহকে কোনখন কাৰ্ড ল’ব সেয়া নিজেই সিদ্ধান্ত ল’ব পাৰিব ।

বেছিভাগ ক্ষেত্ৰত, ডেবিট কাৰ্ড আৰু ক্রেডিট কাৰ্ড জাৰী কৰা বেংক বা কোম্পানীয়ে কোনটো নেটৱৰ্কৰ ডেবিট কাৰ্ড আৰু এটিএম কাৰ্ড ব্যৱহাৰ কৰিব সেয়া নিৰ্ণয় কৰে। বেংকৰ সৈতে হোৱা শেহতীয়া চুক্তি অনুসৰি, গ্ৰাহকে নিজৰ সুবিধা অনুসৰি কাৰ্ড ল’ব পাৰিব । নতুন নিয়ম মতে, বেংকবোৰে একাধিক নেটৱৰ্ক কাৰ্ড জাৰী কৰিব লাগিব আৰু গ্ৰাহকসকলক তেওঁলোকৰ পচন্দৰ কাৰ্ড বাছনি কৰিবলৈ অনুমতি দিব লাগিব।

বৰ্তমান, পাঁচটা নেটৱৰ্কে ভাৰতত কাৰ্ড আগবঢ়ায় – মাষ্টাৰকাৰ্ড, ভিছা, ৰুপে, আমেৰিকান এক্সপ্ৰেছ আৰু ডিনাৰ ক্লাব। বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্রত বিভিন্ন নেটৱৰ্কৰ কাৰ্ডৰ মাজত পাৰ্থক্য আছে। ৰুপে কাৰ্ডৰ ক্ষেত্ৰত, ইউ.পি.আই.-ৰ লাভালাভ ক্ৰেডিট কাৰ্ডৰ জৰিয়তে উপলব্ধ হয় ।

Leave A Reply

Your email address will not be published.