ISHAN NEWS – Always One Step Ahead of Time…

অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ; এই পৰ্যন্ত ১০৩৯গৰাকী গ্ৰেপ্তাৰ

0 274

২০২৬ চনৰ ভিতৰত অসমৰ পৰা বাল্য বিবাহ সম্পূৰ্ণৰূপে বন্ধ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ আৰক্ষী প্ৰশাসনে তীব্ৰতৰ কৰি তুলিছে অবৈধ স্বামীৰ বিৰুদ্ধে অভিযান।

সোমবাৰৰ নিশাৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলা অভিযানত এতিয়ালৈকে মুঠ ১০৩৯ গৰাকী অবৈধ স্বামী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক্স (টুইটাৰ)ৰ জৰিয়তে গ্ৰেপ্তাৰৰ সংখ্যা সদৰি কৰে।

শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, চিৰাঙত ৫ জন, ধুবুৰী জিলাত ১৮৫ জন, নগাঁৱৰ কচুৱা আৰক্ষীৰ অভিযানত তিনিজন, মৰিগাঁৱৰ মৈৰাবাৰী পৰা ৭ জন, দৰঙত মুঠ ৮ জনক গ্ৰেপ্তাৰ কৰিছে।

আনহাতে কাছাৰৰ বিভিন্ন স্থানৰ পৰা গ্ৰেপ্তাৰ হৈছে ৩৫ জন, বঙাইগাঁও জিলাত ৩৯ জন, শোণিতপুৰত ৬ জন, বটদ্ৰৱাত ৭ জন, গোৰেশ্বৰত ৩ জন, ৰঙিয়াত পাঁচজন, গোলাঘাটত ১১ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ইয়াৰ উপৰি বৰপেটাত ১৪২ জন, বিলাসীপাৰাৰ পৰা ৩৫ জন আৰু মৰিগাঁও আৰক্ষীৰ অভিযানত ৩৪ জন লোক গ্ৰেপ্তাৰ হৈছে।

আনহাতে ৰাজ্যৰ আন আন প্ৰান্তৰ পৰাও বাল্য বিবাহৰ সৈতে জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰা হৈছে।

উল্লেখ্য যে, বাল্য বিবাহৰ বিৰুদ্ধে প্ৰথম অভিযান চলিছিল চলিত বছৰৰ ফ্ৰেব্ৰুৱাৰি মাহত। ফেব্ৰুৱাৰি মাহত চলোৱা ৬-৭ দিনীয়া অভিযানত ১৮ বছৰ তলৰ কিশোৰীক বিয়া কৰোৱা হাজাৰ হাজাৰ যুৱকক গ্ৰেপ্তাৰ কৰা হৈছিল।

প্ৰথম অভিযানত বাল্য বিবাহৰ অপৰাধত ধৰা হৈছিল প্ৰায় ৪ হাজাৰ লোকক। পকছো আইনৰ অধীনত চলাইছিল এই অভিযান।

ৰাজ্যৰ সামগ্ৰিক উন্নয়নত বাল্য বিবাহে বাধাৰ সৃষ্টি কৰা বুলি উল্লেখ কৰিয়েই হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল।

Leave A Reply

Your email address will not be published.