ISHAN NEWS – Always One Step Ahead of Time…

অভিজাত মলত ভয়ংকৰ গুলীচালনা; তিনিজন লোকৰ মৃত্যু, গ্ৰেপ্তাৰ ১৪ বছৰীয়া বন্দুকধাৰী

0 5,422

মঙলবাৰে থাইলেণ্ডৰ ৰাজধানী বেংককত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে। এটা অতি ব্যস্তপূৰ্ণ তথা অভিজাত মলত সংঘটিত হোৱা গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক।

আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি গুলীচালনাৰ লগত জড়িত ১৪ বছৰীয়া সন্দেহযুক্ত বন্দুকধাৰীজনক গ্ৰেপ্তাৰ কৰা হৈছে।

বেংককৰ ছিয়াম পেৰাগন মলত সংঘটিত হৈছে এই গুলীচালনা। গুলীচালনাৰ পিছতেই মলটোত সৃষ্টি হোৱা আতংকময় পৰিৱেশৰ ভিডিঅ’ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত।

খবৰ অনুসৰি, থাইলেণ্ড আৰক্ষীয়ে গুলীচালনাৰ পিছত ১৪ বছৰীয়া সন্দেহযুক্ত বন্দুকধাৰীক গ্ৰেপ্তাৰ কৰা বুলি জনোৱাৰ লগতে জৰুৰীকালীন সেৱাই গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱা বুলি জনাইছে।

ইফালে এই গুলীচালনাত আহত হোৱা লোকসকলক ওচৰৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

জৰুৰীকালীন সেৱাই শ্বেয়াৰ কৰা এখন ফটোত এজন আৰক্ষী বিষয়াই মজিয়াত এজন ধৰি থকা দেখা গৈছে।

উল্লেখ্য যে থাইলেণ্ডত বন্দুকধাৰীৰ আক্ৰমণৰ এই ঘটনা অস্বাভাৱিক নহয়। যোৱা বছৰ এজন প্ৰাক্তন আৰক্ষী বিষয়াই এখন নাৰ্চাৰীত বন্দুক আৰু চোকা অস্ত্ৰৰে আক্ৰমণ কৰি ২২টি শিশুক হত্যা কৰিছিল।

আনহাতে ২০২০ চনত উত্তৰ-পূব থাইলেণ্ডত এজন জোৱানে ২৯ জন লোকক গুলীয়াই হত্যা কৰিছিল। এই সময়ছোৱাত ৫৭জন লোকো আহত হয়।

Leave A Reply

Your email address will not be published.