উত্তৰ ছিকিমত দুৰ্যোগ । ২৩ জন সেনা জোৱান সন্ধানহীন
ভয়ংকৰ দুৰ্যোগৰ সন্মুখীন হৈছে উত্তৰ ছিকিম । বুধবাৰে পুৱতি নিশা,ছিকিমত হোৱা ডাৱৰ বিস্ফোৰণৰ ফলত তিস্তা নদী ফেনেফোটোকাৰে উপচি পৰে । তিস্তা নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত সন্ধানহীন হৈ আছে প্ৰায় ২৩ জনকৈ সেনা জোৱান । কেইবাখনো সেনাৰ বাহন আৰু কেইবাটাও সেনাৰ শিবিৰ বুৰ যায় বানত। ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে আৰম্ভ হৈছে উদ্ধাৰ অভিযান। স্থানীয় প্ৰশাসনে জনোৱা মতে, কেইবাঠাইতো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে। তিস্তা নদীত থকা চুংথাম বান্ধৰ পানী এৰি দিয়াৰ ফলত তিস্তা নদীৰ নামনি অংশত ভয়ংকৰ ৰূপত বৃদ্ধি পাইছে জলস্তৰ ।
সেনাৰ ইষ্টাৰ্ণ কমাণ্ডে জানিবলৈ দিয়া মতে, উত্তৰ ছিকিমত তিস্তা নদীৰ বাঢ়নী পানীয়ে পাহাৰীয়া ৰাজ্যখনত ব্যাপক ৰূপত ধ্বংসযজ্ঞ চলায়। বানত ক্ষতিগ্ৰস্ত হৈছে চিংটামৰ এটা সেনা শিবিৰ। হথাৎ সৃষ্টি হোৱা অভাৱনীয় পৰিস্থিতিত প্ৰায় ২৩ গৰাকী সেনা জোৱান সন্ধানহীন হৈ আছে । সেনাৰ বাহনসহ সেনাৰ শিবিৰটো বৰ্তমানেও পানীৰ তলত । ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰ আৰম্ভ হৈছে উদ্ধাৰ অভিযান।
তিস্তাৰ ৰুদ্ৰৰূপত পাহাৰত সংঘটিত হোৱা ধ্বংস যজ্ঞই ভয়াবহ ভবিষ্যতৰ ইংগিত দিছে । প্ৰশাসনে সমগ্ৰ অঞ্চলটোত হালধীয়া সতৰ্কবাণী কৰিছে।
উল্লেখযোগ্য যে তিস্তা জলপাইগুৰি জিলাৰ এক বৃহৎ অংশৰ মাজেৰে বৈ বাংলাদেশত প্ৰৱেশ কৰিছে । তাৰ পিছত, ই ব্ৰহ্মপুত্ৰৰ সৈতে একত্ৰিত হয়। যেতিয়া পাহাৰত বৰষুণ বৃদ্ধি হয়, জলপাইগুৰিকে ধৰি সমগ্ৰ উত্তৰ বংগ আৰু বাংলাদেশত উদ্বেগ বৃদ্ধি পায়।
ছিকিমৰ চুংথামত সংঘটিত ডাৱৰ বিস্ফোৰণে ভয়ংকৰ প্রভাৱ পেলাইছে সমগ্ৰ অঞ্চলটোত ।
প্ৰশাসনৰ শেহতীয়া তথ্যমতে , সিংথামত তিস্তা নদীৰ ওপৰত থকা এখন ফুটব্ৰীজ খহি পৰে ।
জলপাইগুৰি জিলা প্ৰশাসনে ইতিমধ্যে নদীৰ দাতি কাষৰীয়া অঞ্চলৰ লোকসকলক স্থানান্তৰ কৰা কাম আৰম্ভ কৰিছে। ছিকিমৰ ৰাজ্য প্ৰশাসনে তিস্তা নদীৰ পৰা মানুহক আঁতৰি থাকিবলৈ নিৰ্দেশ দিছে।