ISHAN NEWS – Always One Step Ahead of Time…

এছিয়াডত স্বৰ্ণ জয়ৰে নীৰজ চোপ্ৰাই ৰচিলে ইতিহাস; ৰূপৰ পদক ভাৰতৰে কিশোৰ কুমাৰলৈ

0 1,058

ভাৰতৰ ছুপাৰষ্টাৰ এথলীট নীৰজ চোপ্ৰাৰ অব্যাহত আছে দুৰ্দান্ত প্ৰদৰ্শন। চীনৰ হাংঝোত চলি থকা এছিয়ান গেমছ-২০২৩ৰ পুৰুষৰ জেভলিন থ্ৰ’ত স্বৰ্ণ পদক জয়ৰে নীৰজে পুনৰ এবাৰ গৌৰৱান্বিত কৰিলে ভাৰতক।

ইফালে, ভাৰতৰে আন এগৰাকী এথলীট কিশোৰ কুমাৰ জেনাই এই ইভেণ্টত ৰূপৰ পদক লাভ কৰে।

জেভলিন থ্ৰ’ৰ ফাইনেলত নীৰজ চোপ্ৰাই চতুৰ্থটো প্ৰচেষ্টাত ৮৮.৮৮ মিটাৰ জেভলিন নিক্ষেপ কৰে, যিটো চলিত ছিজনৰ সৰ্বশ্ৰেষ্ঠ।

এছিয়ান গেমছত নীৰজৰ এইটো ক্ৰমাগত দ্বিতীয়টো স্বৰ্ণ পদক।

ৰূপৰ পদক লাভ কৰা অশোক কুমাৰ জেনাইও চতুৰ্থ প্ৰচেষ্টাত ৮৭.৫৪ মিটাৰ থ্ৰ’ কৰে। এয়া অশোক কুমাৰৰ ব্যক্তিগত শ্ৰেষ্ঠ প্ৰদৰ্শন।

এছিয়ান গেমছ ২০২৩ নীৰজ চোপ্ৰাৰ বছৰৰ অন্তিম প্ৰতিযোগিতা আছিল। চলিত বৰ্ষৰ আৰম্ভণিতে বুডাপেষ্টত প্ৰথমবাৰৰ বাবে বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিছিল। আনহাতে যোৱা মাহত তেওঁ ডাইমণ্ড লীগত ৰূপৰ পদক জয়ী হৈছিল।

উল্লেখ্য যে, এছিয়ান গেমছত এইপৰ্যন্ত ৮১টা পদকেৰে তালিকাৰ চতুৰ্থ স্থানত আছে ভাৰত।

Leave A Reply

Your email address will not be published.