ছিকিমত এতিয়াও সন্ধানহীন ১৫০ জন । ৩ হাজাৰতকৈ অধিক পৰ্যটক পানীৰ মাজত আৱদ্ধ।
ছিকিমৰ তিস্তা নদীত হথাৎ হোৱা বানৰ ফলত মৃতকৰ সংখ্যাই অৰ্ধশতকৰ ঘৰ অতিক্রম কৰে । এইসকল মৃতকৰ ভিতৰত আছে সাতজনকৈ সেনা জোৱান। জলপ্রলয়ত সন্ধানহীন হোৱা বহুলোক এতিয়াও ধ্বংসাৱশেষৰ তলত পোত খাই থকাৰ আশংকা কৰিছে প্রশাসনে। ছিকিম চৰকাৰৰ তথ্য অনুসৰি, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা ৫৬ লৈ বৃদ্ধি পাইছে। পশ্চিমবংগ চৰকাৰে তিস্তা নদীৰ অৱবাহিকাৰ পৰা ৩০ টাতকৈও অধিক মৃতদেহ উদ্ধাৰ কৰাৰ তথ্য সদৰী কৰিছে ।
ছিকিমত শেহতীয়াকৈ হোৱা বানত এতিয়াও প্ৰায় ১৫০ জন লোক সন্ধানহীন হৈ আছে।
প্রলয়ংকাৰী বানত ৰাজ্যখনৰ ২৫ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। যোৱা চাৰি দিন ধৰি ৰাজ্যখনত ৩,০০০ তকৈ অধিক পৰ্যটক পানীৰ মাজত আৱদ্ধ হৈ আছে। বায়ু সেনাই ক্ষতিগ্ৰস্ত লোকসকলক স্থানন্তৰিত কৰণৰ কাম অব্যাহত ৰাখিছে । ইফালে প্রতিকুল বতৰে উদ্ধাৰ অভিযানত যথেষ্ট প্রভাৱ পেলাইছে ।
পশ্চিমবংগ চৰকাৰে শিলিগুৰি, জলপাইগুৰি আৰু বেহাৰ এই তিনিখন জিলাৰ তিস্তা নদীৰ অৱবাহিকাৰ পৰা উদ্ধাৰ কৰিছে মৃতদেহ কেইটা। ৬ অক্টোবৰৰ নিশা ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাঙে বানপীড়িত জিলাসমূহৰ বাবে ৭০ লাখ টকাৰ অতিৰিক্ত সাহায্য পুঁজি প্রদানৰ কথা ঘোষণা কৰে। মাংগন জিলাৰ বাবে ২৫ কোটি টকা আৰু গেংটক, পাকিয়ং, নামচি জিলাৰ বাবে ১৫ কোটি টকাৰ সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।
উল্লেখযোগ্য যে, ৪ অক্টোবৰত , পাহাৰীয়া ৰাজ্যখনত ডাৱৰ বিস্ফোৰণৰ পাছত তিস্তা নদীত বানে কালৰূপ ধাৰণ কৰে ।