ISHAN NEWS – Always One Step Ahead of Time…

ইজৰাইল-হামাছৰ মাজৰ যুদ্ধত এতিয়ালৈকে ৫০০ৰো অধিক লোকৰ মৃত্যু

0 395

ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে আৰম্ভ হৈছে আন এখন যুদ্ধ। শনিবাৰে পেলষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলত ৰকেটেৰে আক্ৰমণ কৰাৰ লগে লগে আৰম্ভ হয় দুয়োখন দেশৰ মাজত যুদ্ধ।
ইজৰাইলী সেনা আৰু হামাছৰ আক্ৰমণ প্ৰত্যাক্ৰমণত এতিয়ালৈকে অতি কমেও ৫০০ৰো অধিক লোকৰ মৃত্যু ঘটা বুলি জানিব পৰা গৈছে।
হামাছৰ আক্ৰমণৰ পিছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে যুদ্ধ ঘোষণা কৰি কৈছিল যে এই আক্ৰমণৰ মূল্য ভৰিব লাগিব হামাছে।
তেওঁ এটা ভিডিঅ’ত কৈছিল, “ইজৰাইলৰ নাগৰিকসকল, আমি যুদ্ধত আছো। এইটো কোনো অভিযান বা উত্তেজনা নহয় এয়া যুদ্ধ আৰু এই যুদ্ধত আমি জয়ী হম। হামাছে ইয়াৰ মূল্য ভৰিব লাগিব।‘
উল্লেখ্য যে, হামাছক সন্ত্ৰাসবাদী গোট বুলি গণ্য কৰা হয়। ইজৰাইলে প্ৰকাশ কৰা ফটোত দেখা গৈছে যে হামাছে আক্ৰমণত পেৰাগ্লাইডাৰ ব্যৱহাৰ কৰাৰ লগতে ৰাজপথত চলা গাড়ীৰ ওপৰতো গুলীচালনা কৰিছিল।
ইফালে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী যোয়াভ গেলেণ্টে কৈছিল, ‘আজি পুৱা হামাছে গুৰুতৰ ভুল কৰি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ কৰিলে। আইডিএফৰ সৈন্যই (ইজৰাইলৰ সেনাই) শক্তিশালী ৰূপত শত্ৰুৰ বিৰুদ্ধে যুঁজ দি আছে।‘
আনহাতে ইজৰাইলত থকা ভাৰতীয় দূতাবাসে ভাৰতৰ নাগৰিকসকলক সজাগ হৈ থাকিবলৈ আৰু নিৰাপত্তাৰ প্ৰট’কল মানি চলিবলৈ আহ্বান জনাইছে।
উল্লেখ্য যে, ২০০৭ চনত হামাছে গাজা দখল কৰাৰ পিছৰে পৰা ইজৰাইল আৰু পেলেষ্টাইন ফৈদৰ মাজত যুদ্ধ চলি আহিছে। ইজৰাইলে গাজাৰ শ্ৰমিকৰ বাবে নিজৰ সীমা বন্ধ কৰাৰ পিছৰে পৰা নতুনকৈ দুয়োখন দেশৰ মাজত যুদ্ধ আৰম্ভ হয়।
দুয়োখন দেশৰ সংঘাতত চলিত বৰ্ষত এই পৰ্যন্ত ২৪৭ জন পেলেষ্টাইনী, ৩২ ইজৰাইলী আৰু দুজন বিদেশী নিহত হৈছে। ইয়াৰ ভিতৰত আছে যোদ্ধা আৰু সাধাৰণ নাগৰিক।

Leave A Reply

Your email address will not be published.