দক্ষিণ অষ্ট্ৰেলিয়াৰ ২১ বছৰীয়া যুৱ বেটছমেন জেক ফ্ৰেজাৰ মেকগাৰ্কে দক্ষিণ আফ্ৰিকাৰ বেটছমেন এবি ডিভিলিয়াৰ্ছৰ নামত থকা দ্ৰুত শতক অৰ্জনৰ অভিলেখ ভংগ কৰিছে।
লিষ্ট এ ক্ৰিকেটত তাছমেনিয়াৰ বিৰুদ্ধে জেক ফ্ৰেজাৰ মেকগাৰ্কে মাত্ৰ ২৯টা বলত শতক অৰ্জন কৰে। এই শতকৰ লগে লগে ডি ভিলিয়াৰ্ছৰ অভিলেখ ভংগ হয়।
এই ২১ বছৰীয়া অষ্ট্ৰেলিয়ান বেটছমেনে প্ৰথমে মাত্ৰ ১৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰিছিল, আৰু তাৰ পিছত পৰৱৰ্তী ১১টা বলত ৫০ ৰান সংগ্ৰহ কৰি ২৯টা বলত শতক অৰ্জন কৰিছিল।
ইয়াৰ পূৰ্বে লিষ্ট এ মেচত সৰ্বাধিক দ্ৰুত শতক অৰ্জন কৰাৰ অভিলেখ আছিল দক্ষিণ আফ্ৰিকাৰ এ বি ডি ভিলিয়াৰ্ছৰ নামত। ২০১৫ চনত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় এদিনীয়া খেলত তেওঁ ৩১টা বলত শতক অৰ্জন কৰিছিল।
অষ্ট্ৰেলিয়াৰ ২১ বছৰীয়া বেটছমেন জেক ফ্ৰেজাৰ মেকগাৰ্কে ১৮টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰাৰ লগতে পৰৱৰ্তী পঞ্চাশ মাত্ৰ ১১টা বলত সম্পূৰ্ণ কৰে। তেওঁ এটা অভাৰতে ৩২ ৰান সংগ্ৰহ কৰে।
মেচখনত তেওঁ ৩৮টা বলত ১২৫ ৰানৰ দুৰ্দান্ত শতকীয় ইনিংছ খেলে। মেকগাৰ্কৰ ইনিংছটোত আছিল ১০টা চাৰি আৰু ১৩টা ছয়।