জগন্নাথ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে ডাঙৰ খবৰ; ভক্তসকলে পিন্ধিব নোৱাৰিব এইসমূহ পোছাক
ওড়িশাৰ পুৰিস্থিত জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ যোৱা ভক্তসকলে মানি চলিব লাগিব বিশেষ পোছাক বিধি (ড্ৰেছ কোড)। এতিয়াৰে পৰা শ্বৰ্ট, ফটা জিন্স তথা স্কাৰ্ট পিন্ধি মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব।
জগন্নাথ মন্দিৰ প্ৰশাসনে কয় যে, দেশৰ বিভিন্ন মন্দিৰত পোছাক বিধি প্ৰযোজ্য হৈ আছে। ইয়াতো ২০২৪ বৰ্ষৰ ১ জানুৱাৰিৰ পৰা পোছাক বিধি প্ৰযোজ্য হ’ব।
মন্দিৰ কৰ্তৃপক্ষৰ তথ্য অনুসৰি আৰক্ষী আৰু জগন্নাথ প্ৰশাসনৰ স্বেচ্ছাসেৱকসকলে এই সন্দৰ্ভত ভক্তসকলৰ ওপৰত নজৰ ৰাখিব।
এতিয়াৰে পৰা কোনো ভক্তই ফটা জিন্স তথা স্কাৰ্ট, শ্বৰ্ট আৰু হাফ পেণ্ট পিন্ধি পুৰীস্থিত ঐতিহাসিক জগন্নাথ মন্দিৰত প্ৰৱেশ কৰিব নোৱাৰিব। দ্বাদশ শতিকাৰ এই মন্দিৰত ১ জানুৱাৰিৰ পৰা ভক্তসকলৰ বাবে ‘ড্ৰেছ কোড’ কাৰ্যকৰী কৰা হ’ব।
মন্দিৰ প্ৰশাসনে কয় যে মন্দিৰ সমুদ্ৰৰ পাৰ বা পাৰ্ক নহয়, মন্দিৰত ভগৱান থাকে, এয়া মনোৰঞ্জনৰ স্থান নহয়।
শ্ৰী জগন্নাথ মন্দিৰ প্ৰশাসনৰ মুৰব্বী ৰঞ্জন কুমাৰ দাসে কয়, ‘মন্দিৰৰ মৰ্যাদা আৰু পবিত্ৰতা বজাই ৰখাটো আমাৰ দায়িত্ব। দুৰ্ভাগ্যজনকভাৱে একাংশ লোকে আনৰ ধৰ্মীয় আৱেগক গুৰুত্ব নিদিয়াকৈয়ে মন্দিৰলৈ আহে।
মুৰব্বীগৰাকীয়ে জানিব দিয়া মতে মন্দিৰ দৰ্শনৰ বাবে গ্ৰহণযোগ্য সাজ-পোছাকৰ ওপৰত অতি শীগ্ৰে সিদ্ধান্ত লোৱা হ’ব।