ISHAN NEWS – Always One Step Ahead of Time…

শিহৰণকাৰী! ৰৈ থকা বাহনত প্ৰচণ্ড খুন্দা মিনি বাছৰ; ১২জনৰ মৃত্যু, ২৩গৰাকী আহত

0 5,213

দেওবাৰে পুৱতি নিশা মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চত্ৰপতি শম্ভাজিনগৰ জিলাৰ সমৃদ্ধি এক্সপ্ৰেছৱেত সংঘটিত পথ দুৰ্ঘটনাটোত ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

এখন মিনি বাছ আৰু কন্টেইনাৰৰ মাজত হোৱা সংঘৰ্ষৰ ফলতেই এই শিহৰণকাৰী পথ দুৰ্ঘটনাটো সংঘটিত হয়।

৩৫ গৰাকী যাত্ৰী কঢ়িয়াই নি থকা অৱস্থাত মিনি বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ সমীপত থিয় হৈ থকা এখন কন্টেইনাৰত খুন্দিয়াই।

মুম্বাইৰ পৰা প্ৰায় ৩৫০ কিলোমিটাৰ নিলগৰ ভাইজাপুৰ নামৰ এখন ঠাইত নিশা ১২.৩০ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

আৰক্ষীয়ে জনোৱা অনুসৰি, দুৰ্ঘটনাটোত পাঁচগৰাকী পুৰুষ, ৬গৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয়। আনহাতে আহত লোকসকলক সমীপৰে চৰকাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

এই দুৰ্ঘটনাটোৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুখ প্ৰকাশ কৰি মৃতকৰ আত্মীয়লৈ ২ লাখকৈ আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদানৰ কথা ঘোষণা কৰে।

ইফালে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীয়েও এই দুৰ্ঘটনাটোক অত্যন্ত মৰ্মান্তিক তথা হৃদয় বিদাৰক বুলি মন্তব্য কৰি মৃতকৰ আত্মীয় আৰু আহতসকলক সৰ্ব প্ৰকাৰৰ সহায় সাহায্য আগবঢ়োৱাৰ নিৰ্দেশনা দিয়ে।

Leave A Reply

Your email address will not be published.