ISHAN NEWS – Always One Step Ahead of Time…

২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত ‘ক্রিকেট’ ।প্রথম কোনখন অলিম্পিকত ক্রিকেট অনুষ্ঠিত হৈছিল আৰু কোনখন দেশ জিকিছিল ?

0 1,636

এছিয়ান গেমছৰ পাছত, এইবাৰ অলিম্পিকত অন্তৰ্ভুক্ত হ’ল ক্রিকেট। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে। পুৰুষ আৰু মহিলা দুয়োটা শাখাত অনুষ্ঠিত হ’বলগীয়া মেচ কেইখন অনুষ্ঠিত হ’ব টি-20 ফৰ্মেটত। ৬ টা দলে অলিম্পিকৰ ক্রিকেটত অংশগ্ৰহণ কৰিব বুলি উল্লেখ কৰিছে । 
১৬ অক্টোবৰ অৰ্থাৎ সো‌মবাৰে মুম্বাইত অনুষ্ঠিত এখন সংবাদমেলত এইকথা ঘোষণা কৰে আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে । আন্তৰ্জাতিক অলিম্পিক সমিতিৰ সভাপতি থমাছ বাকে এই কথা আনুষ্ঠানিক ভাবে ঘোষণা কৰি কয় যে, ১২৮ বছৰৰ দীঘলীয়া ব্যৱধানৰ পাছত অলিম্পিকলৈ ক্রিকেট উভতি আহিছে। 
মুম্বাইত অনুষ্ঠিত IOC ৰ অধিৱেশনতে অলিম্পিকত ক্রিকেটৰ অন্তৰ্ভুক্তি সন্দৰ্ভত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ ।

ভোটগ্ৰহণৰ ফলাফলৰ পাছতেই অলিম্পিকত ক্রিকেটৰ অন্তৰ্ভুক্তিৰ সিদ্ধান্তৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে IOC য়ে। ক্ৰিকেটৰ উপৰিও, লছ এঞ্জেলছ অলিম্পিকত বেছবল/চফ্টবল, ফ্লেগ ফুটবল, লেক্ৰছ আৰু স্কোয়াছক অন্তৰ্ভুক্ত কৰাৰ কথাও উল্লেখ কৰে সমিতিয়ে । IOC ৰ ৯৯ গৰাকী সদস্যই নতুনকৈ এই পাঁচবিধ খেল অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱত ভোট দিছিল।
ভোটদানৰ পাছত, আইঅ’চিৰ সভাপতি গৰাকীয়ে কয় যে, অলিম্পিক সমিতিৰ দুজন সদস্যই এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোট দিছিল । এগৰাকী সদস্যই ভোটদানত অংশগ্ৰহণ কৰা নাছিল।
উল্লেখযোগ্য যে , IOC ৰ ১৪১ সংখ্যক অধিৱেশন ১৫ অক্টোবৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছিল । আই,অ, চিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেটক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে এই অধিবেশনত । আই অ,চিয়ে ১৩ অক্টোবৰত মুম্বাইত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰে ।
অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তিয়ে নতুনকৈ ক্রিকেটৰ জনপ্ৰিয়তা বৃদ্ধিত সহায়ক হ’ব।
১৯০০ চনৰ পাছত অলিম্পিকলৈ পুনৰ উভতি আহিছে ক্রিকেট । ১৯০০ চনৰ পেৰিছ অলিম্পিকত টেষ্ট ফৰ্মেটত অনুষ্ঠিত হৈছিল ক্রিকেট । য’ত ইংলেণ্ডে ফ্ৰান্সক পৰাস্ত কৰি সোণৰ পদক লাভ কৰিছিল।

Leave A Reply

Your email address will not be published.