ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপৰ মাজতেই ৰোহিত শৰ্মালৈ আহিল ভাল খবৰ; হঠাৎ ICC-এ কৰিলে ডাঙৰ ঘোষণা

0 21,735

এদিনীয়া ক্ৰিকেট বিশ্বকাপ চলি থকাৰ মাজতে ভাৰতীয় দলৰ অধিনায়কৰ বাবে আহিল ভাল খবৰ। বুধবাৰে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে জাৰি কৰা বেটিং ৰেংকিঙত পাঁচটা স্থান আগুৱাই ষষ্ঠ স্থানলৈ উন্নীত হৈছে ৰোহিত শৰ্মা।

ভাৰতৰ ভূমিত চলি থকা এদিনীয়া বিশ্বকাপত আফগানিস্তান আৰু পাকিস্তানৰ বিৰুদ্ধে খেলা আকৰ্ষণীয় ইনিংছৰ বাবেই বেটিং ৰেংকিঙত ৰোহিত শৰ্মাৰ এই উত্থান ঘটা পৰিলক্ষিত হৈছে।

ভাৰতীয় অধিনায়কগৰাকীয়ে আফগানিস্তানৰ বিৰুদ্ধে ১৩১ ৰানৰ দৰ্শনীয় ইনিংছ খেলাৰ বিপৰীতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিছিল ৮৬ ৰানৰ বিস্ফোৰক ইনিংছ।

ৰোহিত শৰ্মাৰ উপৰি দক্ষিণ আফ্ৰিকাৰ অপেনিং বেটাৰ কুইণ্টন ডি ককেও বিশ্বকাপৰ প্ৰথম দুখন মেচত খেলা শতকীয় ইনিংছৰ বাবে ৰেংকিঙত তিনিটা স্থান আগুৱাই তৃতীয় স্থানত উপনীত হৈছে।

ইফালে পাকিস্তানৰ অধিনায়ক বাবৰ আজমে ৰেংকিঙৰ শীৰ্ষ স্থান অক্ষুন্ন ৰখাৰ বিপৰীতে দ্বিতীয় স্থানত আছে ভাৰতৰ প্ৰতিভাৱান অপেনাৰ শুভমন গীল।

আনহাতে এদিনীয়া ক্ৰিকেটৰ অলৰাউণ্ডাৰৰ শীৰ্ষত আছে বাংলাদেশৰ অধিনায়ক ছাকিব আল হাছান। বলিঙৰ শীৰ্ষ তিনিটা স্থানত আছে ক্ৰমে অষ্ট্ৰেলিয়াৰ জছ হেজলউদ, নিউজিলেণ্ডৰ ট্ৰেণ্ট বল্ট আৰু ভাৰতৰ মহম্মদ ছিৰাজ।

Leave A Reply

Your email address will not be published.