আদালতৰ নিৰ্দেশত কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰত অসম আৰক্ষীৰ অভিযান
বিধানসভা নিৰ্বাচনক লৈ ব্যস্ত থকা মধ্যপ্ৰদেশৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ঘৰত অসম আৰক্ষীৰ অভিযান। আজি পুৱা অসম আৰক্ষীৰ এটা দলে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা টিকামগড় বিধানসভা সমষ্টিৰ প্ৰাৰ্থী যাদবেন্দ্ৰ সিং বুণ্ডেলাৰ ঘৰত অভিযান চলায়।
মধ্যপ্ৰদেশ আৰক্ষীৰ এটা দলৰ সৈতে অসম আৰক্ষীৰ দলটো পুৱাই যাদবেন্দ্ৰ সিঙৰ ঘৰত উপস্থিত হয়। অভিযান চলোৱাৰ কথা জানিব পৰাৰ লগে লগে বৃহত সংখ্যক কংগ্ৰেছ কৰ্মী যাদবেন্দ্ৰৰ ঘৰত ভিৰ কৰে।
মধ্য প্ৰদেশ আৰক্ষীয়ে জনোৱা মতে, আদালতৰ নিৰ্দেশ অনুসৰি কোনো জালিয়াতিৰ গোচৰত অসম আৰক্ষীয়ে এই অভিযান চলাইছে।
টিকামগড় কোটৱালিৰ ভাৰপ্ৰাপ্ত বিষয়া আনন্দ ৰাজে জনোৱা মতে, অসমৰ এখন আদালতৰ পৰা তালাচীৰ বাবে মেইলযোগে এখন পত্ৰ আহিছিল। ইয়াৰ পিছতে আজি পুৱা অসম আৰক্ষীৰ এটা চাৰিজনীয়া দল উপস্থিত হয় আৰু তেওঁলোকক সহযোগ কৰিবলৈ ইয়ালৈ আহিছো।
জানিব পৰা মতে, কোটৱালি আৰক্ষীয়ে সমগ্ৰ ঘৰটো ঘেৰাও কৰি ৰাখিছে আৰুপ অসম আৰক্ষীৰ বিষয়াই ঘৰৰ ভিতৰতে যাদবেন্দ্ৰ সিং বুণ্ডেলা আৰু তেওঁৰ পৰিয়ালৰ লোকক জেৰা কৰি আছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাৰ্থীগৰাকীৰ ঘৰত চলোৱা তালাচী অভিযানক কংগ্ৰেছৰ নেতা-কৰ্মীয়ে তীব্ৰ সমালোচনা কৰাৰ লগতে ইয়াৰ আঁৰত বিজেপি জড়িত আছে বুলিও অভিযোগ উত্থাপন কৰে।