ISHAN NEWS – Always One Step Ahead of Time…

আগে আগে জো বাইডেন, পাছে পাছে ঋষি ছুনাক

0 166

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ পাছত আজি ব্ৰিটেইনৰ প্রধানমন্ত্রী ঋষি ছুনাক উপস্থিত হয় ইজৰাইলত । বাইডেনৰ পাছত ঋষি ছুনাকৰ ইজৰাইল ভ্রমণক লৈ আৰম্ভ হৈছ ব্যাপক চৰ্ছা ।
ইজৰাইলত উপস্থিত হৈ যুদ্ধৰ ধ্বংসলীলা দেখি শোক প্রকাশ কৰে ঋষি ছুনাকে । ইজৰাইলৰ নাগৰিকৰ দুখ দুৰ্দশা দেখি শোক প্রকাশ কৰা ব্ৰিটেইনৰ প্রধানমন্ত্রী গৰাকীয়ে সন্ত্রাসবাদীৰ ভয়ংকৰ আক্রমণক গৰিহণা দিয়াৰ লগতে সন্ত্রাসবাদৰ বিৰুদ্ধে ইজৰাইলৰ লগত আছো বুলি উল্লেখ কৰে ।
উল্লেখযোগ্য যে, বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ সময়ত , ৰাষ্ট্ৰপতি গৰাকীক আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হৈছিলগৈ ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যায়াহু । ইজৰাইলৰ প্রধানমন্ত্রী গৰাকীৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পাছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে এখন সংবাদমেল সম্বোধন কৰে । সংবাদমেলত হামাছক সন্ত্রাসবাদী সংগঠন বুলি কোৱাৰ লগতে হামাছৰ ইজৰাইল আক্রমণ মানৱতা বিৰোধী বুলি কয় যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি গৰাকীয়ে ।

Leave A Reply

Your email address will not be published.