ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈ কিমানে হেৰুৱালে প্ৰাণ? জানিবলৈ পঢ়ক….
যোৱা ১৩ দিন ধৰি চলি থকা হামাছ-ইজৰাইল যুদ্ধত এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে হাজাৰ হাজাৰ লোক আহত আৰু গৃহহীন হৈ পৰিছে।
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি বৃহস্পতিবাৰৰ পুৱালৈকে ইজৰাইলত বিদেশী নাগৰিককে ধৰি মৃত্যুৰ সংখ্যা ১৪০০।
পেলেষ্টাইনৰ সশস্ত্ৰ সংগঠনে ইজৰাইলৰ ভূখণ্ডৰ জনবসতিপূৰ্ণ অঞ্চলত চলোৱা নিৰ্বিচাৰ ৰকেট আক্ৰমণত আহত লোকৰ সংখ্যা ৪৫৬২ লৈ বৃদ্ধি পাইছে।
শেহতীয়া আক্ৰমণত ১৩ দিনত প্ৰায় পূৰ্বতকৈ তিনিগুণ ইজৰাইলী জনতাই প্ৰাণ হেৰুৱাইছে। ইয়াৰ উপৰি গাজাত কমেও ১৯৯ জন লোকক বন্দী কৰি ৰখা হৈছে।
গাজাস্থিত পেলেষ্টাইনৰ স্বাস্থ্য মন্ত্ৰালয়ৰ উদ্ধৃতি দি ৰাষ্ট্ৰ সংঘই কয় যে গাজাত মৃত্যুৰ সংখ্যা ৩৪৭৮ লৈ বৃদ্ধি পাইছে। ইয়াৰ ভিতৰত আছে ৮৫৩টা শিশু। প্ৰায় ১২,৫০০ লোক আহত হৈছে।
গাজা চহৰৰ আল আহলি আৰব বেপ্টিষ্ট চিকিৎসালয়ত মঙলবাৰে সংঘটিত হোৱা এক ভয়ংকৰ বোমা বিস্ফোৰণত শিশু, স্বাস্থ্যকৰ্মী আৰু গৃহহীনকে ধৰি কমেও ৪৭১ জন লোকৰ মৃত্যু হৈছে বুলি ৰাষ্ট্ৰসংঘৰ সংস্থাটোৱে প্ৰকাশ কৰিছে।
বিগত ১২ দিনৰ শত্ৰুতাত গাজাত মুঠ মৃত্যুৰ সংখ্যাই ২০১৪ চনৰ সংঘাতৰ সময়ত হোৱা মুঠ মৃত্যুৰ সংখ্যাতকৈ বহু অধিক। সেই সময়ত ৫০ দিনতকৈও অধিক সময় ধৰি চলা সংঘাতত ২,২৫১ জন পেলেষ্টাইনী লোকৰ মৃত্যু হৈছিল।
আনহাতে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ পাছৰে পৰা ৱেষ্ট বেংকত ১৮টা শিশুকে ধৰি ৬৪জন লোকৰ মৃত্যু হৈছে। আহত লোকৰ সংখ্যা হৈছে ১২৮৪ জন।