ISHAN NEWS – Always One Step Ahead of Time…

দুৰ্গা পূজাক লৈ মহানগৰ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা; সুৰাপায়ীৰ বিৰুদ্ধে কঠোৰ হ’ব আৰক্ষী

0 190

আজি মহাষষ্ঠী। ষষ্ঠীৰ বেদীত আজি অধিষ্ঠিত কৰা হ’ব দেৱী দুর্গাক। আজিৰ পৰাই ৰাজ্যত উলহ-মালহেৰে উদযাপন হ’ব দুৰ্গা পূজা। ইয়াৰ মাজতে গুৱাহাটীবাসীৰ বাবে যান-বাহনৰ ক্ষেত্ৰত কেতবোৰ বিশেষ নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।

শুকুৰবাৰে যান-বাহন শাখাৰ ডিচিপি জয়ন্ত সাৰথি বৰাই এক সংবাদমেল সম্বোধন কৰি মহানগৰীৰ ৰাজপথত কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে।

২১ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ প্ৰযোজ্য হৈ থাকিবলগীয়া এই নিষেধাজ্ঞাসমূহ তলত উল্লেখ কৰা হ’ল-

১. গধুৰ যান-বাহন পুৱা ৪ বজাৰ পৰা পুৱা ১০ বজালৈহে মহানগৰীত প্ৰৱেশ কৰিব পাৰিব।

২. দিনৰ ১১বজাৰ পৰা নিশা ১২ বজালৈ ২৭নং ৰাষ্ট্রীয় ঘাইপথেৰে যাব নোৱাৰিব কোনো বাহন।

৩. জৰুৰীকালীন সেৱাৰ বাহনৰ ক্ষেত্রত প্রযোজ্য নহয় এই নিষেধাজ্ঞা।

৪. জয়ানগৰ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যোৱা বাহনৰ ক্ষেত্রত নিষেধাজ্ঞা। কেৱল এই পথছোৱাৰে স্থানীয় বাসিন্দাৰ বাহনহে যাব পাৰিব।

৫. বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব

৬. বেলতলা তিনিআলিৰ পৰা ভেটাপাৰা চাৰিআলিলৈ পথছোৱা ওৱান ৱে’ হ’ব

৭. বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলিলৈ ন’ এন্ট্রি

৮. ত্রিপুৰা গলিৰ পৰা সৌৰভনগৰ দিশলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

৯. বশিষ্ঠ চাৰিআলিৰ পৰা বেলতলা তিনিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা। উক্ত পথেৰে কেৱল স্থানীয় বাসিন্দাৰ বাহনহে চলাচল কৰিব পাৰিব

১০. গণেশ মন্দিৰৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতু পৰ্যন্ত ওৱান ৱে’।

১১. জু-ৰোডৰ দিশেৰে অহা বাহন গণেশ মন্দিৰৰ দিশত প্রৱেশ কৰিব নোৱাৰিব।

১২. গণেশ মন্দিৰ দিশৰ পৰা শংকৰদেৱ পথো হ’ব ওৱান ৱে’

১৩. ফটাশিল চাৰিআলিৰ ৬,৭, ৮ নং ৰে’ল গেটতো নিষেধাজ্ঞা

১৪. কুমাৰপাৰাৰ পাঁচআলিৰ সতী জয়মতী পথতো যান-বাহন প্রৱেশত নিষেধাজ্ঞা

১৫. চাবিপুলৰ পৰা বিষ্ণুপুৰৰ ফটাশিল চাৰিআলিলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

১৬. আৰ কে চৌধুৰী পথৰ পৰা কে আৰ চি পথলৈ যান-বাহন প্রৱেশত নিষেধাজ্ঞা

১৭. উজনি-নামনিৰ বাছসমূহ পোনপটীয়াকৈ ISBTলৈ আহিব

১৮. জি এছ ৰোডৰ বাছসমূহ ৰাষ্ট্রীয় ঘাইপথ হৈ যাব লাগিব

ইফালে বিজয়া দশমী তথা প্ৰতিমা বিসৰ্জনৰ বাবেও বিশেষ নিৰ্দেশনা জাৰি কৰা হৈছে

১. বিসৰ্জনৰ বাহনসমূহ দুপৰীয়া ১২ বজাৰ পৰা যাব পাৰিব

২. কেৱল প্রতিমা বিসৰ্জনৰ বাহনহে হাইক’ৰ্ট হৈ লাচিতঘাটলৈ যাব পাৰিব

৩. প্রতিমা বিসৰ্জনৰ বাহন উলুবাৰী, টিচি ৰোডলৈ আহিব নোৱাৰিব

৪. প্রতিমা বিসৰ্জনৰ বাহনৰ বাবে বি বৰুৱা ৰোড সম্পূৰ্ণ বন্ধ থাকিব।

৫. পাণ্ডু ঘাটলৈ কোনো বাহন মালিগাঁও হৈ যাব নোৱাৰিব

আনহাতে চিটি বাছ আৰু সুৰাপায়ী চালকসলৰ বাবে কঠোৰ হ’ব প্ৰশাসন

১. চিটীবাছসমূহৰ সময় ঠিক কৰা হ’ব, নিৰ্দিষ্ট সময়তহে চলিব চিটীবাছ

২. কেৱল ১ মিনিটৰ বাবেহে বাছ আস্থানত ৰ’ব পাৰিব চিটীবাছ

৩. চিটীবাছসমূহৰ বাবে আৰ চি বুক ফাইন কৰা হ’ব

৪. সুৰাপান কৰি বাহন চলোৱা সকলৰ বিৰুদ্ধে প্ৰতিদিনে চলিব অভিযান

Leave A Reply

Your email address will not be published.